/asomiyapratidin/media/media_files/2025/03/22/XQMGDCLisWcRpBN0tdzq.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত আইভেটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত এক কাৰ্যসূচীত আজি ১০৬ গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা(PMAY-G)ৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/media_files/2025/03/22/LctA6gLz7mPZHmND4JIC.jpg)
অসম ৰাজ্যিক জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলা সকলক ৫ লাখ ৯ হাজাৰ ৪০০ টকাৰ ঋণ প্ৰদান কৰা হয়।
/asomiyapratidin/media/media_files/2025/03/22/3UIsVY1pnLONmw7BmFjv.jpg)
উক্ত অনুষ্ঠানত অংশ লৈ বিধায়ক ৰূপক শৰ্মাই কয় যে, "আশাকৰো প্ৰধানমন্ত্ৰী আৱাস যোজনা(PMAY-G) ৰ অনুমোদনৰ জৰিয়তে সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোক সকলে তেওঁলোকৰ সপোনৰ বাসগৃহটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উপকৃত হ'ব পাৰিব।
/asomiyapratidin/media/media_files/2025/03/22/XTMno6wgyPH6WQVbePkf.jpg)
ইয়াৰোপৰি এই অনুমোদনৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলা সকলেও লাভ কৰা ঋণৰ জৰিয়তে উপকৃত হ'ব পাৰিব। আজিৰ অনুষ্ঠানত জিলা প্ৰশাসন, উন্নয়ন খণ্ডৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us