/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/rupa-dutta.png)
ডিজিটেল ডেস্ক: অভিনয়ৰ বাবে জনপ্ৰিয় আছিল তেওঁ। পিছে এইবাৰ চৰ্চালৈ আহিছে আন এক কাৰণত। পকেট মৰা ৰূপত এগৰাকী মোহময়ী বাংলা অভিনেত্ৰী। নাম তেওঁৰ ৰূপা দত্ত। বাংলা ছবি উদ্যোগৰ লগতে সৰু পৰ্দাৰ বহু ধাৰাবাহিকৰ জনপ্ৰিয় মুখ ৰূপা।
স্থান আছিল গ্ৰন্থ মেলা। কলিকতাত গ্ৰন্থ মেলাৰ বাবেই বহু লোকৰ সমাগম। সেই সুযোগ গ্ৰহণ কৰি ৰূপা দত্তই কাৰোবাৰ পকেটত সুমোৱালে হাত। পিছে ভাগ্য বেয়া আছিল। ঠিকমতে জেপ চাফাই কৰিলেও ধৰা পৰি গ'ল অভিনেত্ৰী গৰাকী। কলকাতাৰ ইন্টাৰনেশ্যনেল বুক ফেয়াৰত চোকা নজৰ আছিল আৰক্ষীৰ ।
ৰূপাই এটা বেগ ডাষ্টবিনত পেলাই দিওতেঅ চকু পৰিল আৰক্ষীৰ। সেই সূত্ৰৰ প'ম খেদিয়েই বিধাননগৰ আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক জেৰা তালাচী কৰে। আৰক্ষীয়ে সোধা পোচাৰ লগতে মহিলা গৰাকীৰ তালাচীও লয়, য'ত আৰক্ষীয়ে এটা মানি বেগ লাভ কৰে। আৰক্ষীয়ে ৰূপা দত্তৰ পৰা জব্দ কৰে প্ৰায় ৭৫ হাজাৰ টকা। কিন্তু আৰক্ষীক অভিনত্ৰী গৰাকীয়ে এয়া জনাবলৈ সক্ষম নহল যে ক'ৰ পৰা আহিল ইমান টকা।সোধা পোচাৰ সময়তে ৰূপা দত্তই স্বীকাৰ কৰে পকেট মাৰৰ কথা।
ৰূপা দত্তই কয় যে তেওঁ বিভিন্ন সময়ত মেলা, ইভেন্ট অথবা কোনো ভিৰ থকা ঠাইলৈ গৈ মানুহৰ পৰা মানিবেগ চুৰি কৰে। কিন্তু গ্ৰন্থ মেলাৰ পৰা পকেট মাৰৰ সময়ত তেওঁ ধৰা পৰে। উল্লেখযোগ্য যে এই ৰূপা দত্তই অনুৰাগ কাশ্যপৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।