/asomiyapratidin/media/media_files/2025/03/01/gt85WjDhDlXNENHBZs9n.png)
চিলিণ্ডাৰৰ পৰা ইউ পি আইলৈ, ১ মাৰ্চৰ পৰা সলনি হ'ব কি কি নিয়ম?
ডিজিটেল ডেস্কঃ আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব পৰা বহুকেইটা নিয়ম সলনি হ'ল শনিবাৰৰ পৰা। চিলিণ্ডাৰৰ পৰা ইউ পি আইলৈলৈ, ফিক্স ডিপজিটৰ পৰা মিউচুৱেল ফাণ্ডলৈ কি কি নিয়ম সলনি হ'ল জানো আহক
বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি -
পুনৰ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। শনিবাৰৰ পৰা নিৰ্ধাৰণ কৰা হৈছে ১৯ কেজিৰ গেছএল পি জি চিলিণ্ডাৰৰ নতুন নিৰিখ। দিল্লীৰ লগতে আন আন চহৰতো চিলিণ্ডাৰৰ মূল্য ৬ টকা বৃদ্ধি কৰা হৈছে। অৱশ্যে, যোৱা মাহত বাজেটৰ সময়ছোৱাত ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৭ টকা হ্ৰাস কৰা হৈছিল। এল পি জি চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতাৰ মাহিলী বাজেটত প্ৰভাৱ পৰাটো নিশ্চিত।
ইউ পি আইৰ বীমাৰ ক্ষেত্ৰত নতুন নিয়ম-
১ মাৰ্চৰ পৰা ইউ পি আইৰ জৰিয়তে বীমাৰ প্ৰিমিয়াম দিয়াটো আপোনাৰ হৈ পৰিব সহজ। এতিয়াৰে পৰা নতুন নিয়ম অনুসৰি এতিয়া ইউ পি আইৰ জৰিয়তে বীমা প্ৰিমিয়াম পৰিশোধ কৰাটো পূৰ্বতকৈ সহজ হৈ পৰিছে। বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষই (আই আৰ ডি এ আই) ইউ পি আইৰ জৰিয়তে বীমা-এ এছ বি এ (এপ্লিকেচন চাপৰ্টেড বাই ব্লকড এমাউণ্ট) মুকলি কৰিছে, যাৰ লক্ষ্য গ্ৰাহকৰ বাবে পেমেণ্ট প্ৰক্ৰিয়াটোক সহজ কৰি তোলা। ইয়াৰ জৰিয়তে পলিচিধাৰীয়ে প্ৰিমিয়াম পেমেণ্টৰ বাবে তেওঁলোকৰ বেংক একাউণ্টত থকা ধন ব্লক কৰিব পাৰে। জাননীৰ অনুসৰি ১ মাৰ্চৰ পৰা নতুন পেমেণ্ট ব্যৱস্থা কাৰ্যকৰী হৈছে।
ফিক্স ডিপজিট, মিউচুৱেল ফাণ্ড
কেৱল ইউ পি আইৰ ক্ষেত্ৰতে নহয়, ফিক্স ডিপজিট (Fixed Deposit) আৰু মিউচুৱেল ফাণ্ড (Mutual Funds)ৰ ক্ষেত্ৰতো সলনি হৈছে কেইবাটাও নিয়ম। ২০২৫ চনৰ ১ মাৰ্চৰ পৰা ফিক্সড ডিপ’জিটৰ সুতৰ হাৰৰ (নতুন এফ ডি ৰেট ২০২৫) পৰিৱৰ্তন হ’ব পাৰে। বেংকে এফ ডিৰ সুতৰ হাৰ হ্ৰাস বা বৃদ্ধিও কৰিব পাৰে। বেংকে লিকুইডিটি আৰু আৰ্থিক প্ৰয়োজন অনুসৰি সলনি কৰিব সলনি কৰিব পাৰে। আনহাতে ছেবী (SEBI)ৰ নতুন নিয়ম অনুসৰি Mutual Funds আৰু ডিমেট একাউণ্ট (Demat Account)ত এতিয়াৰে পৰা আপুনি ৰাখিব পাৰিব সৰ্বাধিক ১০ গৰাকী নমিনি। ২৮ ফ্ৰেব্ৰুৱাৰী লৈ গ্ৰাহকে কেৱল ২গৰাকীকহে দিব পাৰিছিল নমিনি।
বিমান যাত্ৰা হব পাৰে ব্যয়বহুল
ইফালে ১ মাৰ্চৰ পৰা এয়াৰ টাৰ্বাইন ইন্ধনৰ মূল্য হ'ব সলনি। যাৰ ফলত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব বিমান যাত্ৰীসকলৰ ওপৰত। দৰাচলতে তেল বিতৰণ কোম্পানীয়ে প্ৰতি মাহৰ প্ৰথম দিনাইৰ (এ টি এফ) মূল্য সলনি কৰে। যেতিয়া এ টি এফৰ দাম কমি যায় তেতিয়া বিমান কোম্পানীয়ে নিজৰ ভাড়া হ্ৰাস কৰিব পাৰে, আনহাতে ইন্ধনৰ দাম বৃদ্ধি হ’লে ভাড়া বৃদ্ধি পাব পাৰে।