সাতামপুৰুষীয়া ৰুক্মিণী হৰণ ভাওনাকলৈ চকলাঘাটত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি

পুৱাৰে পৰা বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক লোকৰ উপস্থিতিত ক্ষেত্ৰী গাঁৱত উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 'ৰুক্মিণী হৰণ ভাওনা' উৎসৱ উপলক্ষে কালি পুৱা গন্ধ গোৱা অনুষ্ঠানৰ পাছতে ভাগৱত পাঠ আৰু পানীতোলা কাৰ্যসূচী সম্পন্ন হয়।

author-image
Asomiya Pratidin
New Update
fgfg

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী চকলাঘাট ক্ষেত্ৰী গাঁৱত সাতামপুৰুষীয়া পৰম্পৰাৰে অনুষ্ঠিত ৰুক্মিণী হৰণ ভাওনাক কেন্দ্ৰ কৰি উৎসৱ অনুষ্ঠিত হৈ আহিছে। এই ৰুক্মিণী হৰণ ভাওনাৰ পৰম্পৰাই ইতিমধ্যে ১৩৫ বছৰ অতিক্ৰম কৰি ১৩৬ বছৰত ভৰি দিছে।

Advertisment

জানিব পৰা মতে, নগাঁও জিলাৰ দক্ষিণ পশ্চিম অঞ্চলত অৱস্থিত এই চকলাঘাট ক্ষেত্ৰী গাঁৱত ১৩৬ বছৰ পূৰ্বে তথা ১৮৮৯ চনত অচিন ৰোগে মহামাৰীৰ ৰূপ ধৰিছিল, এজন লোকক সৎকাৰ কৰি উভতাৰ পিছত আন এজনৰ মৃত্যু হৈছিল, এই মহামাৰীয়ে অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছিল।

gg

সেই সময়তে এগৰাকী ব্যক্তিয়ে সপোনত দেখিছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত ৰুক্মিণী হৰণ নাটকখন মঞ্চস্থ কৰিলে গাঁওবাসীয়ে এই আতংকৰ পৰা পৰিত্ৰাণ পাব। সেইমতে কাম, আৰু সেই বছৰে জেঠৰ এই বিশেষ দিনটোত গঞা ৰাইজে দিনত নামকীৰ্তন কৰি নিশালৈ অনুষ্ঠিত কৰিছিল গুৰু অংকীয়া ৰুক্মিণী হৰণ ভাওনা।

সেই পৰম্পৰা চলি আহি, আজিও গাঁও খনত অনুষ্ঠিত হৈছে ৰুক্মিণী হৰণ ভাওনা। তদুপলক্ষে আজিও পুৱাৰে পৰা বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক লোকৰ উপস্থিতিত ক্ষেত্ৰী গাঁৱত উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰুক্মিণী হৰণ ভাওনা উৎসৱ উপলক্ষে কালি পুৱা গন্ধ গোৱা অনুষ্ঠানৰ পাছতে ভাগৱত পাঠ আৰু পানীতোলা কাৰ্যসূচী সম্পন্ন হয়।

2

পানী তোলা কাৰ্যসূচীত শতাধিক আয়তীয়ে হাতত কলচি লৈ পদব্ৰজে সমগ্ৰ অঞ্চল পদক্ষিন কৰে। আজি পুৱা আয়তীৰ পানীতোলা কাৰ্যসূচীৰৰ পাছত খোল প্ৰসঙ্গ, দুপৰীয়া নামকীৰ্ত্তন, প্ৰসাদ বিতৰণ, সন্ধিয়া ক্ষেত্ৰী গাঁও নামঘৰৰ লগতে সমগ্ৰ গাঁৱৰ প্ৰতিঘৰ গৃহৰ পদূলিত বন্তি প্ৰজ্বলন কৰা হয়।

 নিশা ৯ বজাৰ পৰা ভাওনাৰ পূৰ্বৰংগ আৰু ১০ বজাত ৰুক্মিণী হৰণ নাট আৰম্ভ হ'ব। ৰুক্মিণী হৰণ নাটকত গাঁৱৰ কণকণ শিশু সকলে অভিনয় কৰিব। কাইলৈ গোপিনী সৱাহৰ দ্বাৰা অনুুষ্ঠানৰ সামৰণি পৰিব।

বটদ্ৰৱা