ৰুদ্ৰপ্ৰয়াগত অঘটন : যাত্ৰীবাহী বাছ বাগৰি ২ জন লোক নিহত

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বৃহস্পতিবাৰে এখন যাত্ৰীবাহী বাছ অকলানন্দা নৈত বাগৰি পৰাৰ ফলত দুগৰাকী যাত্ৰী নিহত হোৱাৰ লগতে ১০ গৰাকী যাত্ৰী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। 

author-image
Asomiya Pratidin
New Update
fhf

ডিজিটেল ডেস্ক : উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বৃহস্পতিবাৰে এখন যাত্ৰীবাহী বাছ অকলানন্দা নৈত বাগৰি পৰাৰ ফলত দুগৰাকী যাত্ৰী নিহত হোৱাৰ লগতে ১০ গৰাকী যাত্ৰী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। 

ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰকাৰী দলৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। শেহতীয়া খবৰ অনুসৰি ইতিমধ্যে ৮গৰাকী যাত্ৰীক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 

ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ খবৰ অনুসৰি যাত্ৰীবাহী বাছখন বদ্ৰীনাথ অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰে। ইতিমধ্যে ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে ততালিকে নৈত জঁপিয়াই কেইবাজনো যাত্ৰীক বাছখনৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় যদিও এতিয়াও ১০ গৰাকী যাত্ৰীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। 

উল্লেখযোগ্য যে, চালকসহ বাছখনত আছিল মুঠ ২০ গৰাকী যাত্ৰী। ৰাজস্থান আৰু গুজৰাটৰ যাত্ৰীকেইগৰাকী চৰ ধাম অভিমুখে যাত্ৰা কৰি থকাৰ সময়তে এই অনাকাঙ্খিত ঘটনাৰ সন্মুখীন হয়। ইতিমধ্যে উদ্ধাৰ কৰা আহত যাত্ৰীসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

উত্তৰাখণ্ড