/asomiyapratidin/media/media_files/2024/12/06/coreKsWkdkaf2RfcRHQ9.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত চমকপ্ৰদ সফলতা অৰ্জন কৰিছে গহপুৰৰ অন্তৰ্গত বালিপুখুৰীৰ ৰুবু বৰাই। কলীয়া বৰা আৰু চিনু বৰাৰ সুযোগ্য পুত্ৰ ৰুবু বৰাই এচিএছ শাখাত ১৪ নং স্থান দখল কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
দৰিদ্ৰতাই ঘোপ মাৰি ধৰা পৰিয়ালটোৱে অতি কষ্টৰে চলাই থকা বালিপুখুৰীৰ এই ঘৰখনৰ পৰা আজি প্ৰৱাহিত হৈছে আনন্দৰ ঢৌ। ৰুবুৰ ফলাফলে আনন্দিত কৰিছে সকলোকে। অঞ্চলটোৰ ডিপৰা হাইস্কুলৰ পৰা ৮৮% নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰুবু বৰাই লখিমপুৰৰ ব্ৰহ্মপুত্ৰ ভেলি একাডেমীৰ পৰা ৯৩.৬% নম্বৰেৰে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত উত্তীৰ্ণ হৈছিল।
পৰৱৰ্তী সময়ত কটন বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিভাগত স্নাতক ডিগ্ৰী(৬৪%) লাভ কৰা ৰুবু বৰাই দিল্লী স্কুল অফ ইক'নমিকছ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ চমকপ্ৰদ সফলতা অৰ্জন কৰে। তেওঁৰ এই সফলতাৰ বাবে অঞ্চলটোৰ ৰাইজে তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছে।