অৰুণাচলৰ ডনি প’ল নাইদাৰ নাম্লোত আৰ এছ এছৰ সৰসংঘচালক ড০ মোহন ভাগৱত...

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ড০ মোহন ভাগৱতে দেওবাৰে অৰুণাচল প্ৰদেশৰ নাহৰলাগুনস্থিত নিশি জনজাতিৰ উপাসনা কেন্দ্ৰ ডনি প’ল নাইদাৰ নাম্লো পৰিদৰ্শন কৰে

ডনি প’লত আৰ এছ এছৰ সৰসংঘচালক ড০ মোহন ভাগৱত

ডনি প’লত আৰ এছ এছৰ সৰসংঘচালক ড০ মোহন ভাগৱত

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ড০ মোহন ভাগৱতে দেওবাৰে অৰুণাচল প্ৰদেশৰ নাহৰলাগুনস্থিত নিশি জনজাতিৰ উপাসনা কেন্দ্ৰ ডনি প’ল নাইদাৰ নাম্লো পৰিদৰ্শন কৰে। নিশি জনজাতিৰ সাংস্কৃতিক আৰু আধ্যাত্মিক কেন্দ্ৰটি পৰিদৰ্শন কৰি ডা০ ভাগৱত আপ্লুত হয়।

Advertisment

উল্লেখযোগ্য যে আৰ এছ এছ ৰ মুৰব্বীগৰাকীক নাম্লো সমিতি আৰু ভক্তসকলে তেওঁৰ এই ভ্ৰমণৰ বাবে আনন্দ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি উষ্ম আদৰণি জনায়। একেদৰে সৰসংঘচালকগৰাকীয়েও তেওঁলোকৰ এই আতিথ্যৰ প্ৰতি কৃতজ্ঞতা জনাই প্ৰাৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে জনজাতীয় লোকসকলৰ বাবে এক আধ্যাত্মিক স্তম্ভ হিচাপে থিয় হৈ থকা ডনি প’লক সন্মান জনোৱাৰ্থে প্ৰতি দেওবাৰে ৰাজহুৱা প্ৰাৰ্থনা কৰা হয়। এই ৰাজহুৱা প্ৰাৰ্থনাতে ড০ ভাগৱত উপস্থিত থাকি সন্তুষ্টি লাভ কৰে। 

লগতে তেওঁ এই পৰম্পৰা অনাগত দিনতো অক্ষুন্ন ৰখাৰ বাবে অনুৰোধ জনায়।  স্থানীয় লোকসকলে এই আধ্যাত্মিক ঐক্য বজাই ৰখাৰ উপৰি পূৰ্বপুৰুষসকলক স্মৰণ কৰা কাৰ্যৰ শলাগ লয় আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে।

Subscribe