/asomiyapratidin/media/media_files/2025/04/21/2lZxq3OG5rpWxem9LtWw.jpg)
এক মন্দিৰ, এক কুঁৱা,এক শ্মশান
ডিজিটেল ডেস্ক : হিন্দুৰ মাজত প্ৰচলিত জাতিগত ব্যৱধান আঁতৰোৱাৰ পোষকতা কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। তেওঁ "এক মন্দিৰ, এক কুঁৱা,এক শ্মশান" নীতি গ্ৰহণ কৰি সকলো শ্ৰেণীৰ মাজত সমন্বয় আৰু সমতা অনাৰ আহ্বান জনায়। "এয়া আমাৰ ধৰ্ম, এয়া আমাৰ সংস্কৃতি" বুলি কয় আৰএছএছৰ মুৰব্বী গৰাকীয়ে।
পাঁচ দিনীয়া আলিগড়লৈ ভ্ৰমণলৈ যোৱা মোহন ভাগৱতে স্বেচ্ছাসেৱকসকলক সম্বোধন কৰি দুটা মূল শাখা - এইচ বি ইণ্টাৰ কলেজ আৰু পঞ্চন নগৰী পাৰ্কত ভাষণ দিয়ে। ভাষণ প্ৰসংগত তেওঁ সকলো শ্ৰেণী লোককে সমান সন্মান দিব লাগিব বুলি উল্লেখ কৰে।
আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে স্বেচ্ছাসেৱকসকলক সামাজিক সম্প্ৰীতিৰ প্ৰসাৰৰ বাবে সংস্কাৰ, পৰম্পৰা আৰু সাংস্কৃতিক মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কয়। তেওঁ সদৰি কৰে যে, "আমি এনে এখন সমাজ গঢ়ি তুলিব লাগিব যিয়ে কেৱল ক্ষমতাশালী নহয়, সমাজৰ সকলো শ্ৰেণীকো লগত লৈ যাব।" তেওঁ লগতে কয় যে, "আমাৰ উৎসৱবোৰ কেৱল উদযাপন নহয়, সামাজিক ঐক্যৰ অনুষ্ঠানো।" সকলো শ্ৰেণীৰ লোকক একেলগে উদযাপন কৰিবলৈ আহ্বান জনায় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে।