কৃত্ৰিম বুদ্ধিমত্তাই উন্মোচিত কৰিলে ৰেষ্টুৰেণ্টৰ কেইবাকোটিটকীয়া কেলেংকাৰী

হায়দৰাবাদৰ এখন বিৰিয়ানী ৰেষ্টুৰেণ্টৰ কৰ ফাঁকিৰ এক বৃহৎ কেলেংকাৰী উন্মোচিত হৈছে। কৰ ফাঁকি উন্মোচন কৰা হৈছে এ আই( কৃত্ৰিম বুদ্ধিমত্তা)ৰ তদন্তৰ জৰিয়তে।

author-image
Asomiya Pratidin
New Update
159

ডিজিটেল ডেস্ক : হায়দৰাবাদৰ এখন বিৰিয়ানী ৰেষ্টুৰেণ্টৰ কৰ ফাঁকিৰ এক বৃহৎ কেলেংকাৰী উন্মোচিত হৈছে। কৰ ফাঁকি উন্মোচন কৰা হৈছে এ আই( কৃত্ৰিম বুদ্ধিমত্তা)ৰ তদন্তৰ জৰিয়তে। এটা ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ প্ৰতিবেদন মতে, হায়ৰাবাদ আয়কৰ বিভাগৰ তদন্ত গোটে বিলিং চফটৱেৰ চিষ্টেমৰ পৰা ৬০ টেৰাবাইট ডাটা স্কেন কৰি এই অনিয়ম ধৰা পেলাইছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, এই ছফটৱেৰটো সমগ্ৰ দেশৰ এক লাখৰো অধিক ৰেষ্টুৰেণ্টে ব্যৱহাৰ কৰে। অনুমান কৰা হৈছে যে ২০১৯–২০ চনৰ পৰা এই ৰেষ্টুৰেণ্টসমূহে কমেও ৭০ হাজাৰ কোটি টকাৰ কৰ ফাঁকি দি চলি আছে। 

AI-ৰ জৰিয়তে পোৱা তথ্য অনুসৰি কৰ ফাঁকিৰ শীৰ্ষত থকা ৰাজ্যকেইখন হ’ল- কৰ্ণাটক ২,০০০ কোটি টকা, তেলেংগানা ১,৫০০ কোটি টকা, তামিলনাডু ১,২০০ কোটি টকা।

উল্লেখ কৰা প্ৰয়োজন যে, মহাৰাষ্ট্ৰ আৰু গুজৰাটতো অনুৰূপ পৰিমাণৰ কৰ ফাঁকি ধৰা পৰিছে। আয়কৰ বিভাগে এতিয়া আন আন বিলিং প্লেটফৰ্মসমূহৰ ওপৰতো চকু ৰাখিছে। AI সঁজুলি ব্যৱহাৰ কৰি তেওঁলোকে অতি কম সময়ৰ ভিতৰতে ৰেষ্টুৰেণ্টসমূহৰ GST নম্বৰ আৰু ৰাজহুৱা তথ্যৰ সৈতে বিলিং ডাটা মিলাই এই জালিয়াতি ধৰা পেলাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।

কৃত্ৰিম বুদ্ধিমত্তা