ডিজিটেল ডেস্ক : একক উইণ্ডো ব্যৱস্থাৰ জৰিয়তে প্ৰত্যক্ষ বিদেশী বিনিয়োগ, পেট্ৰ’লিয়াম সম্পৰ্কীয় সেৱা হ’লমাৰ্কিং পঞ্জীয়ন তথা ষ্টাৰ্ট- আপ পঞ্জীয়নৰ ক্ষেত্ৰত ৪.৮১ লাখ টকাৰ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে এই কথা সদৰী কৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে।
জানিব পৰা মতে উল্লেখিত আটাইকেটা শিতানত একক উইণ্ডো ব্যৱস্থা প্ৰয়োগৰ দ্বাৰা চৰকাৰে চলিত বৰ্ষৰ ১৪ অক্টোবৰলৈকে ৭.১ লাখ টকা অনুমোদন জনাইছে। লগতে এই কথাও সদৰী কৰে যে একক উইণ্ডো নামৰ প’ৰ্টেলটোত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ বৰ্তমানৰ ক্লিয়াৰেন্স ব্যৱস্থাসমূহ একত্ৰিত কৰা হৈছে।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে চলিত বছৰৰ শেষৰ পৰ্যালোচনাত উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ চমুকৈ ডি পি আই আই টিয়ে ২০০০ চনৰ পৰা ২০২৪ চনলৈকে মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ ৯৯১ বিলিয়ন ডলাৰ ৰেকৰ্ড কৰিছে। য’ত যোৱা দহটা বিত্তীয় বৰ্ষত (২০১৪-২০২৪) ৬৭% লাভ কৰা হৈছে।