Advertisment

জাহাজ নিৰ্মাণ বৃদ্ধিৰ বাবে কেন্দ্ৰৰ ৩০ হাজাৰ কোটিটকীয়া সামুদ্ৰিক উন্নয়ণ পুঁজি ঘোষণা...

দেশৰ জাহাজ নিৰ্মাণ খণ্ডত উন্নীত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গঠন কৰিব ৩০ হাজাৰ কোটিটকীয়া সামুদ্ৰিক উন্নয়ন পুঁজি। সামুদ্ৰিক উদ্যোগ ক্ষেত্ৰখনৰ শক্তিশালী কৰাৰ লক্ষ্য...

author-image
Asomiya Pratidin
New Update
জাহাজ

ডিজিটেল ডেস্ক : দেশৰ জাহাজ নিৰ্মাণ খণ্ডত উন্নীত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গঠন কৰিব ৩০ হাজাৰ কোটিটকীয়া সামুদ্ৰিক উন্নয়ন পুঁজি। সামুদ্ৰিক উদ্যোগ ক্ষেত্ৰখনৰ শক্তিশালী কৰাৰ লক্ষ্যৰে এই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Advertisment

কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ, জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৰী কৰা মতে অহা ৫বছৰৰ ভিতৰত জাহাজ নিৰ্মাণ আৰু মেৰামতি তথা বন্দৰ খণ্ডৰ বাবে চৰকাৰে ব্যয় কৰিব ১.৫ লাখ কোটি ধন। এই পদক্ষেপৰ অধীনত জাহাজ নিৰ্মাণ উদ্যোগৰ আৰ্থিক সাহাৰ্য কাৰ্যসূচীৰ সম্প্ৰাসৰণ আৰু ৩টা মেগা জাহাজ নিৰ্মাণৰ ক্লাষ্টাৰ স্থাপনৰ পৰিকল্পনা কৰিছে।

ইয়াৰ উপৰিও ৬টা ডীপ ড্ৰাফট বন্দৰ, দুটা ট্ৰেন্সশ্বিপমেণ্ট হাব, সেউজ আৰু স্মাৰ্ট বন্দৰ নিৰ্মাণৰ কথা চিন্তা কৰা হৈছে। এনে আঁচনিৰ জৰিয়তে জাহাজৰ মালিকসকলে পুৰণি জাহাজৰ সলনি নতুন জাহাজ ঘৰুৱাভাৱে নিৰ্মাণ কৰি সেইবোৰ বন্দৰত চলাচলত সহায় কৰিব।

ইয়াৰ উপৰিও উন্নয়ন পুঁজিৰ জৰিয়তে হাইড্ৰজেন হাব বন্দৰ, পৰিৱেশতন্ত্ৰৰ সহায়ক হোৱাকৈ ইন্ধন ব্যৱহাৰ আদিৰ দিশতো পৰিৱৰ্তন আনিব। দীৰ্ঘম্যাদী এই পৰিকল্পনাৰ জৰিয়তে ভাৰতে ২০৩০ত জাহাজৰ পুনৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ লক্ষ্য বান্ধি লৈছে।

প্ৰস্তাৱিত পদক্ষেপসমূহে বহন ক্ষমতাক প্ৰসাৰিত, বিনিয়োগত আকৰ্ষণ, সামুদ্ৰিক আন্তঃগাঁথনি বৃদ্ধি আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধশীল ৰূপত এক সামুদ্ৰিক পৰিৱেশতন্ত্ৰ ৰচনা কৰিব।

কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ