Advertisment

ভৱাতকৈ ভক্তৰ দুগুণ সহাঁৰিঃ মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে...

এই মহাকুম্ভৰ পৰা ৰাজ্য চৰকাৰে মুঠ ৩লাখ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিছে। এই মহাকুম্ভই আধ্যাত্মিকতাৰ লগতে উত্তৰ প্ৰদেশৰ অৰ্থনীতিৰ ভৰাঁলো টনকিয়াল কৰিলে বুলি সদৰি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।

author-image
Asomiya Pratidin
New Update
c

ডিজিটেল ডেস্কঃ মহা শিৱৰাত্ৰিত অন্ত পৰিল মহাকুম্ভ মেলা। আয়োজক হিচাপে উত্তৰ প্ৰদেশ চৰকাৰে ভৱাতকৈ অধিক লাভ কৰিলে ভক্তৰ সহাঁৰি। উত্তৰ প্ৰদেশ  চৰকাৰে ধাৰণা কৰিছিল যে, এইবাৰ মহাকুম্ভত প্ৰায় ৪৫কোটি লোকৰ সমাগম ঘটিব। কিন্তু অন্তিম দিনালৈকে দেখা গল যে, মহাকুম্ভত আগমণ ঘটিল ৬৫কোটিৰো অধিক ভক্তৰ। ৪৫দিনীয়া এই মহাকুম্ভৰ অন্তিম দিন অৰ্থাত মহা শিৱৰাত্ৰিত ত্ৰিবেণী সংগমত স্নান কৰে ৮১.০৯লাখৰো অধিক ভক্তই। 

Advertisment

মহাকুম্ভৰ এই বৰ্ণাঢ্য আয়োজনত কেৱল ভক্তই নহয়। সমাগম ঘটিছিল দেশ-বিদেশৰ বহু নামী-দামী প্ৰতিষ্ঠানৰ। এই মহাকুম্ভত কোকা-কলাৰ দৰে প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল ফ্ৰী শীতল পানীয়ৰ ব্যৱস্থা। কেৱল এয়াই নহয় বিদেশৰ বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠানে বিপনী দিছিল মহাকুম্ভত।

বিদেশৰ উপৰিও দেশৰ প্ৰায় সকলো নামী-দামী প্ৰতিষ্ঠানে মহাকুম্ভত বিপনী মুকলি কৰিছিল। শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে সদৰি কৰিছে যে, এই মহাকুম্ভৰ পৰা ৰাজ্য চৰকাৰে মুঠ ৩লাখ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিছে। এই মহাকুম্ভই আধ্যাত্মিকতাৰ লগতে উত্তৰ প্ৰদেশৰ অৰ্থনীতিৰ ভৰাঁলো টনকিয়াল কৰিলে বুলি সদৰি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।

মহাকুম্ভ মেলা