/asomiyapratidin/media/media_files/2024/12/11/Fc8mXM4cYRMyOHaJJQXe.jpg)
ডিজিটেল ডেস্ক : দেশৰ মিস্ত্ৰী, ভাস্কৰ্য শিল্পী আদিৰ মুখত হাঁহি বিৰিঙাই পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত দেশৰ বেংকসমূহে হিতাধিকাৰীৰ বাবে ১,৭৫১ কোটি ঋণৰ অনুমোদন জনাইছে। এই কথা সদৰী কৰিছে বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে।
ৰাজ্যসভাৰ সদনত উপস্থিত থাকি মঙলবাৰে মন্ত্ৰীগৰাকীয়ে কয় যে ৩১ অক্টোবৰলৈকে পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত বেংকসমূহে ১৭৫১ কোটি টকাৰ ঋণ অনুমোদন জনাইছে। বিশেষকৈ গ্ৰামাঞ্চলত ঋণগ্ৰহণকাৰীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ লগতে জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়ে এই দৃষ্টিভংগী সন্মুখত ৰাখি পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত ১৭৫১.২০ কোটি টকাৰ অনুমোদিত ঋণৰ পৰিমাণেৰে ২.০২ লাখৰো অধিক একাউণ্ট মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
উল্লেখ্য যে হস্তশিল্পৰে জড়িত তথা শিপিনীসকলক সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰে ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত পিএম বিশ্বকৰ্মা আঁচনি মুকলি কৰিছিল। এই আঁচনিৰ আওতাত আছে ৰাজমিস্ত্ৰী, মৃৎশিল্পী, কাঠমিস্ত্ৰী, ভাস্কৰ্য শিল্পী আদি বৃত্তিত নিয়োজিত লোকসকল।