Advertisment

খৰধৰ কৰক! ৰে'লৱে বিভাগত ওলাইছে ৩২সহস্ৰাধিক চাকৰি...

ভাৰতীয় ৰে'লৱে বিভাগত ওলাইছে চাকৰি। শেহতীয়াকৈ ৰেলৱে নিযুক্তি বৰ্ডে এই নিযুক্তি সম্পৰ্কীয় এক নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি ৰে'লৱে বিভাগত খালী হৈ থকা 

author-image
Asomiya Pratidin
New Update
dff

ৰেলৱে

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰে'লৱে বিভাগত ওলাইছে চাকৰি। শেহতীয়াকৈ ৰেলৱে নিযুক্তি বৰ্ডে এই নিযুক্তি সম্পৰ্কীয় এক নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি ৰে'লৱে বিভাগত খালী হৈ থকা  প্ৰায় ৩২হাজাৰ খালী পদৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছ্যুক প্ৰাৰ্থীয়ে ২০২৫ৰ ২৩জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, ৰেলৱে বিভাগত গ্ৰুপ ডি-ৰ বাবে প্ৰায় ৩২হাজাৰ ৪৩৮টা পদ খালী হৈ আছে। এই খালী হৈ থকা পদসমূহ পূৰণৰ বাবে আবেদন বিচাৰিছে ৰেলৱে বিভাগে। দশম শ্ৰেণী উৰ্ত্তীণ সকলেও এই পদৰ বাবে আবেদন কৰিব পাৰিব।

প্ৰাৰ্থীসকলৰ বয়সৰ সীমা হব লাগিব ১৮ৰ পৰা ২৬বছৰৰ ভিতৰত। অফ লাইনৰ উপৰিও অনলাইনৰ জৰিয়তে প্ৰাৰ্থীসকলে ৰেলৱে বিভাগৰ অফিচিয়েল ৱেবচাইটত গৈ আবেদন কৰিব পাৰিব। আবেদনৰ বাবে জেনেৰেল আৰু অবিচি প্ৰাৰ্থীসকলে ৫০০টকা, এছ টি-এছ চি সকলে ২৫০টকা আৰু সকলো শ্ৰেণীৰ মহিলাৰ বাবে ২৫০টকা মাচুল ধাৰ্য কৰা হৈছে।

 

 

ভাৰতীয় অৰ্থনীতি