শিলচৰত বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ ৰেল আৰক্ষীৰ

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত ৰেল আৰক্ষীয়ে ধলাই থানাৰ অন্তৰ্গত নাৰায়ণপুৰৰ আনোৱাৰ হুছেইন চৌধুৰী নামৰ লোক জনক গ্ৰেপ্তাৰ কৰে। ধৃত আনোৱাৰে শিলচৰৰ পৰা গোৱালপাৰালৈ যোৱাৰ বাবে ৰেলৰ টিকট কাটিছিল। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল সংবাদ,শিলচৰঃ  গোপন তথ্যৰ ভিত্তিত শিলচৰ ষ্টেচনত শিলচৰ- নিউ দিল্লী পূৰ্বোত্তৰ সম্পৰক্ৰান্তি এক্সপ্ৰেছৰ M 4  AC ডবাৰ পৰা জব্দ কৰা হয় সন্দেহজনক ব্ৰাউন চুগাৰ ভৰ্তি ২৫ চাবোনৰ বাকচ জব্দ কৰা হয়।‌ বাকচ কেইটাৰ পৰা মুঠ ২৭৮ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হয়।

Advertisment

জব্দ কৰা ব্ৰাউন চুগাৰ খিনিৰ মূল্য  ১ কোটি ৩৯ লাখ টকা বুলি সদৰী কৰিছে আৰ পি এফে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত ৰেল আৰক্ষীয়ে ধলাই থানাৰ অন্তৰ্গত নাৰায়ণপুৰৰ আনোৱাৰ হুছেইন চৌধুৰী নামৰ লোক জনক গ্ৰেপ্তাৰ কৰে। ধৃত আনোৱাৰে শিলচৰৰ পৰা গোৱালপাৰালৈ যোৱাৰ বাবে ৰেলৰ টিকট কাটিছিল। 

শিলচৰ