ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত ঢেকীয়াপতীয়া বাঘ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত ঢেকীয়াপতীয়া বাঘ

author-image
Asomiya Pratidin
New Update
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত ঢেকীয়াপতীয়া বাঘ

ডিজিটেল সংবাদ,ওৰাংঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ খৈৰাচালি বন শিবিৰৰ সমীপত পাচনৈ নদীৰ পাৰত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু। ঢেকীয়াপতীয়া বাঘটো প্ৰাপ্ত বয়স্ক হোৱাৰ বাবে মৃত্যু হোৱাৰ সন্দেহ কৰিছে উদ্যান কৰ্তৃপক্ষই।

Advertisment

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনসৰি,ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ শোণিতপুৰ জিলাৰ বৰছলাৰ খৈৰাচালি বন শিবিৰৰ সমীপত পাচনৈ নদীৰ পাৰত আজি পুৱাৰ ভাগত টহলদাৰী বন সুৰক্ষা কৰ্মীয়ে প্ৰত্যক্ষ কৰে এটা মৃত ঢেকীয়াপতীয়া বাঘ৷ বাঘটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি টহলদাৰী বন সুৰক্ষা কৰ্মীয়ে অৱগত কৰে ৰাষ্ট্ৰীয় উদ্যান খনৰ শীৰ্ষ বন বিষয়াক৷

ইয়াৰ পিছত ঘটনাস্থলীত মঙলদৈ বন্যপ্ৰাণী সংমণ্ডল বন্যপ্ৰাণী প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱা,ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰি,বন পালক প্ৰানজিৎ ডেকা,ঢেকিয়াজুলি খণ্ড পশু চিকিৎসক ডাঃ অমৰজ্যোতি বড়ো লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী উপস্থিত হৈ মৃত বাঘটোক এনটিচিএৰ অধিনত নিয়ম অনুসৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে৷

মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত বাঘটোক জ্বলাই দিয়ে বন বিভাগে৷ ইপিনে বিগত কেইদিনমান পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বাঘ্ৰ প্ৰকল্পৰ অধিনত বৰছলাৰ খৈৰাচালি বন শিবিৰ এলেকাৰ লগতে ৰাষ্ট্ৰীয় উদ্যান খনৰ বিস্তৃৰ্ণ এলেকা পাচনৈ নদী আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছিল৷ যাৰ ফলত এই ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে৷

Also Read: ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই

orang national park Royel Bengal Tiger