আজি ঘোষণা হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনায়কৰ নাম...

আসন্ন সংস্কৰণত দলটোক কোনে নেতৃত্ব দিব তাকলৈ চলিছে গুণাগাঁথা। ইয়াৰ মাজতে বৃহস্পতিবাৰে সংবাদমেলযোগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ নতুন অধিনায়কৰ নাম।

author-image
Asomiya Pratidin
New Update
আজি ঘোষণা হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনায়কৰ নাম

আজি ঘোষণা হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনায়কৰ নাম

ডিজিটেল ডেস্ক : আই পি এল ২০২৫লৈ বেছি দিন নাই। ইতিমধ্যে সম্পূৰ্ণ হৈছে আই পি এলৰ নিলাম পৰ্ব। তাৰ মাজতে জনপ্ৰিয় ফ্ৰেন্সাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে বৃহস্পতিবাৰে কৰিব এটি বিশেষ ঘোষণা। 

Advertisment

আসন্ন সংস্কৰণত দলটোক কোনে নেতৃত্ব দিব তাকলৈ চলিছে গুণাগাঁথা। ইয়াৰ মাজতে বৃহস্পতিবাৰে সংবাদমেলযোগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ নতুন অধিনায়কৰ নাম। পূৰ্বৰ অধিনায়ক ফাফ ডুপ্লেছিৰ পৰিৱৰ্তে নতুন অধিনায়কৰ সন্ধানত নামি পৰিছে আৰ চি বিৰ বিষয়ববীয়াসকল। 

সেই অনুসৰি আজি দিনৰ ভাগতে ফ্ৰেন্সাইজিটোৱে নতুন অধিনায়কৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। চৰ্চাত আছে দলটোৰ অন্যতম সদস্য ৰজত পাটিদাৰৰ নাম। হয়তো ৪ বছৰৰ পাছত বিৰাট কোহলিৰ কান্ধতো এই দায়িত্বভাৰ অৰ্পণ কৰিলে আচৰিত হ’বলগীয়া একো নাই। 

এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ৰজত পাটিদাৰৰ কান্ধত অৰ্পণ কৰিব পাৰে আৰ চি বি নেতৃত্বৰ ভাৰ। বিগত সংস্কৰণসমূহত ট্ৰফী জয় কৰিব নোৱাৰা আৰ চি বিয়ে এইবাৰ নতুন ৰূপত আত্মপ্ৰকাশ কৰিব বুলি নেতৃবৰ্গই উল্লেখ কৰে।

virat kohli Royal Challengers Bengaluru VIRAT