Advertisment

এইমছত অধ্যয়নৰত চন্দ্রপল পাটগিৰিলৈ ১লাখ টকাৰ সাহাৰ্য ৰোৱাদ এডুকেচন ট্ৰাষ্ট ইউনিটৰ

মিচিং সমাজৰ অত্যন্ত দুখীয়া-নিচলাৰ সন্তান বা ল’ৰা-ছোৱালীৰ উচ্চ শিক্ষাৰ সহায়ক হ’বৰ বাবে গঠিত 'ৰোৱাদ এডুকেছন ট্ৰাষ্ট অসম’ সমিতিয়ে গহপুৰ ৰোৱাদ এডুকেছন ট্ৰাষ্ট ইউনিটৰ সহযোগত গহপুৰস্থিত শিৱলাল পাটগিৰিৰ বাসভৱনত এখন জৰুৰী সভা অনুষ্ঠিত কৰে

author-image
Asomiya Pratidin
New Update
gohpur

gohpur

ডিজিটেল সংবাদ, গহপুৰ : মিচিং সমাজৰ অত্যন্ত দুখীয়া-নিচলাৰ সন্তান বা ল’ৰা-ছোৱালীৰ উচ্চ শিক্ষাৰ সহায়ক হ’বৰ বাবে গঠিত 'ৰোৱাদ এডুকেছন ট্ৰাষ্ট অসম’ সমিতিয়ে গহপুৰ ৰোৱাদ এডুকেছন ট্ৰাষ্ট ইউনিটৰ সহযোগত গহপুৰস্থিত শিৱলাল পাটগিৰিৰ বাসভৱনত এখন জৰুৰী সভা অনুষ্ঠিত কৰে ৷ সভাত সভাপতিত্ব কৰে ৰোৱাদ এডুকেছন ট্ৰাষ্ট অসম সমিতিৰ গহপুৰ ইউনিটৰ সভাপতি শিৱলাল পাটগিৰিয়ে।  

Advertisment

এই সভাত 'ৰোৱাদ এডুকেছন ট্ৰাষ্ট অসম’ সমিতিয়ে গহপুৰৰ অত্যন্ত দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ, উৰিষ্যাৰ ভূৱনেশ্বৰৰ 'এইমচ’ত মেডিকেল শিক্ষাত অধ্যয়নৰত চন্দ্ৰপল পাটগিৰিক এক লাখ টকাৰ অনুদান আগবঢ়ায় ৷ উল্লেখ্য যে প্ৰতি বছৰে মিচিং অঞ্চলৰ অতিকৈ দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক এই ট্ৰাষ্ট সমিতিয়ে আৰ্থিক অনুদান আগবঢ়াই আহিছে ৷ 

এই হিচাপে যোৱা বছৰ অৰ্থাৎ ২০২৩ বৰ্ষতো 'ৰোৱাদ এডুকেছন ট্ৰাষ্ট অসম’ সমিতিয়ে চন্দ্ৰপল পাটগিৰিকেই ১ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰিছিল ৷ ৰোৱাদ এডুকেছন ট্ৰাষ্টৰ এইবাৰৰ আৰ্থিক বৰঙণি দাতা ভাৰতবৰ্ষৰ প্ৰখ্যাত নিউৰ’ ছাৰ্জন ডা° ৰাণা পাতিৰ ৷ 

উল্লেখ্য যে ডা° ৰাণা পাতিৰ কাজিৰঙাৰ প্ৰথম বন বিষয়া মুহি চন্দ্ৰ মিৰি(পাতিৰ)ৰ পৰিয়ালৰ ৷ আজিৰ এই আৰ্থিক অনুদান প্ৰদানৰ অনুষ্ঠানত উপস্থিত থাকে ৰোৱাদ এডুকেছন ট্ৰাষ্ট অসম সমিতিৰ লক্ষীমপুৰ ইউনিটৰ সভাপতি তথা জ্যেষ্ঠ নাগৰিক মোহন পেগু, অৱসৰপ্ৰাপ্ত বেংক বিষয়া (ভাৰতীয় ষ্টেট বেংক) ভূমি ৰঞ্জন দলে, লক্ষীমপুৰ ন্যায়িক ক’ৰ্টৰ ছিনিয়ৰ এডভোকেট তথা টি এম পি কে-ৰ প্ৰতিষ্ঠাপক সম্পাদক সোণাধৰ পাতিৰ। 

লগতে ৰোৱাদ এডুকেছন ট্ৰাষ্ট সমিতিৰ গহপুৰ ইউনিটৰ সম্পাদক, চৰাইবাৰী আদৰ্শ ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শজগত দলে, এই বিদ্যালয়ৰে সহঃশিক্ষক দ্বয় ক্ৰমে জয়কান্ত মিলি, ৰূপকোঁৱৰ মিলি তথা অনুষ্ঠানৰ মধ্যমণি চন্দ্ৰপল পাটগিৰি, তেওঁৰ পিতৃ-মাতৃ, মামা বাসুদেৱ কুটুম আৰু কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷ ৰোৱাদ এডুকেছন ট্ৰাষ্ট অসম সমিতিৰ এই দুৰদৰ্শী মহান কৰ্মক সকলোৱে প্ৰশংসা কৰিছে ।

gohpur