/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-06/r2w9s30q/AP-FOR-WEB-new-format-copy.jpg)
ৰৌতাত অবৈধ ডাম্পাৰ জব্দ বন বিভাগৰ।
খেদি-খেদি বন বিভাগে জব্দ কৰে অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰখন।
ৰৌতাৰ লাইলাংপাৰাত মাজবাট আঞ্চলিক বন সংমণ্ডলৰ তালাচিৰ সময়তে পলায়নৰ চেষ্টা কৰে অবৈধ ডাম্পাৰখন।
বন কৰ্মীৰ দলে প্ৰায় তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰি খেদি-খেদি অবৈধ ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয়।
জব্দকৃত ডাম্পাৰখনৰ নম্বৰ AS-27C-6077
পলায়নৰ চেষ্টা চলোৱা তীব্ৰ বেগী ডাম্পাৰখনে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক খুন্দিওৱাৰ বাবেও উদ্যত হৈছিল বুলিও জানিবলৈ দিয়ে বন সংমণ্ডলৰ বিট অফিচাৰ মিন্টু দৈমাৰীয়ে।
পিছত জব্দকৃত ডাম্পাৰখন মাজবাট আঞ্চলিক বন সংমণ্ডলৰ কাৰ্যালয়ত লৈ যায় বুলি জানিবলৈ দিছে বন বিভাগে।