ৰৌতাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত ১০

বিপৰীত দিশৰ পৰা আহি থকা বেক্ হো  লোডাৰ (JCB) খনক খুন্দা মাৰি পথৰ খাৱৈত সোমাই যায় আৰু বেক্ হো লোডাৰ (JCB) খন পথতে বাগৰি পৰে। উক্ত দুৰ্ঘটনাত প্ৰায় ১০ জন যাত্ৰী আহত হয়।

author-image
Asomiya Pratidin
New Update
vcv

ডিজিটেল সংবাদ, ওদালগুৰি:  ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানী টেংকিৰ সমীপত আজি পুৱা প্ৰায় ৯:১৫ বজাত গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী দেবলিনা নামৰ এখন তীব্ৰবেগী আল্ট্ৰা বাছ আৰু বেক্ হো লোডাৰ (JCB) ৰ মুখামুখি সংঘৰ্ষ হয়।

Advertisment

পুৱাৰ ভাগত কম যাত্ৰী থকা বাছখনে বিপৰীত দিশৰ পৰা আহি থকা বেক্ হো  লোডাৰ (JCB) খনক খুন্দা মাৰি পথৰ খাৱৈত সোমাই যায় আৰু বেক্ হো লোডাৰ (JCB) খন পথতে বাগৰি পৰে। উক্ত দুৰ্ঘটনাত প্ৰায় ১০ জন যাত্ৰী আহত হয়।

আহত সকলক ততাতয়াকৈ ৰৌতা আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও সংকটজনক অৱস্থাত মইনুল হক, আলি হুছেইন, চেলিমা আখতাৰা, আব্দুল জলিল, আটাইকে উন্নত চিকিসাৰ বাবে ৩ খন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰা বাছ খনৰ চালক আলি আহমেদ (৩০) বুকুত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে। কি কাৰণত দূৰ্ঘটনাটো সংঘটিত হৈছে তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

ওদালগুৰি