টিউচন কৰি পঢ়াৰ খৰছ উলিয়াইছিল ৰৌজিনাই

সাহস, ধৈৰ্য, অধ্যাৱসায় থাকিলে কোনো বাধাই সফলতাৰ প্ৰাচীৰ হ'ব নোৱাৰে। এই কথাই প্ৰতিপন্ন কৰিলে মৈৰাবাৰীৰ এগৰাকী পৰীক্ষাৰ্থীয়ে। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত সফলতাৰে উজলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰৌজিনা খাতুনে। 

author-image
Asomiya Pratidin
New Update
ফেৰীৱালাৰ কন্যাৰ সাফল্য

ফেৰীৱালাৰ কন্যাৰ সাফল্য

ডিজিটেল সংবাদ, মৈৰাবাৰী : সাহস, ধৈৰ্য, অধ্যাৱসায় থাকিলে কোনো বাধাই সফলতাৰ প্ৰাচীৰ হ'ব নোৱাৰে। এই কথাই প্ৰতিপন্ন কৰিলে মৈৰাবাৰীৰ এগৰাকী পৰীক্ষাৰ্থীয়ে। বুধবাৰে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। এই ফলাফলত সফলতাৰে উজলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰৌজিনা খাতুন। 

Advertisment

ৰৌজিনাৰ পিতৃ মৈৰাবাৰীৰ দুৰবান্ধি গাঁৱৰ চাইদুল ইছলাম পেছাত এজন ফেৰিৱালা। কোনোমতে পৰিয়াল পোহপাল দিয়া লোকজনৰৰ কন্যা ৰৌজিনা খাতুনে মৈৰাবাৰী মহাবিদ্যালয়ৰ পৰা শিক্ষাতত্ব আৰু ৰাজনীতি বিজ্ঞান বিষয়ত লেটাৰ মাৰ্কসহ ৭১.৬ শতাংশ নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

পিতৃয়ে পঢ়াৰ খৰছ বহন কৰিব নোৱাৰাত ৰৌজিনা খাতুনে সৰু সৰু ছাত্ৰ ছাত্ৰীক টিউচন কৰাই নিজৰ পঢ়া খৰছ উলিয়াইছিল। পঢ়া-শুনাৰ সমান্তৰালভাৱে অৰ্থ উপাৰ্জন কৰি পৰিয়ালক সহায় কৰিছিল ৰৌজিনাই। সদ্য ঘোষিত ফলাফলত ছাত্ৰীগৰাকীৰ এই কৃতিত্বই পৰিয়াল তথা অঞ্চলবাসীয়ে উৎফুল্লিত কৰা পৰিলক্ষিত হৈছে। ৰৌজিনাৰ দৰে ছাত্ৰী বহুতৰে বাবে আদৰ্শস্বৰূপ।

উচ্চতৰ মাধ্যমিক পৰীক্ষা মৈৰাবাৰী