দক্ষিণ গুৱাহাটী ৰটাৰী ক্লাৱৰ বিশেষ পদক্ষেপঃ মহানগৰীৰ ২২গৰাকী শিক্ষকক সম্বৰ্ধনা...

দক্ষিণ গুৱাহাটী ৰটাৰী ক্লাৱৰ বিশেষ পদক্ষেপঃ মহানগৰীৰ ২২গৰাকী শিক্ষকক সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
দক্ষিণ গুৱাহাটী ৰটাৰী ক্লাৱৰ বিশেষ পদক্ষেপঃ মহানগৰীৰ ২২গৰাকী শিক্ষকক সম্বৰ্ধনা...

ডিজিটেল সংবাদ, গুৱাহাটীঃ  দক্ষিণ গুৱাহাটীৰ ৰটাৰী ক্লাৱৰ বিশেষ বটাঁ বিতৰণী অনুষ্ঠান। মানৱ সম্পদ নিৰ্মাণেৰে সুস্থ-সবল এখন সমাজ গঢ়াৰ ক্ষেত্ৰত আগভাগ লোৱা শিক্ষকসকলক অভিনন্দন তথা সন্মান জনোৱাৰ উদ্দেশ্যৰে ৰটাৰী ক্লাৱৰ বিশেষ অনুষ্ঠান। দিছপুৰস্থিত ৰাজধানী ৰেজেন্সীত শুকুৰবাৰে অনুষ্ঠিত হয় নেশ্যন বিল্ডাৰ এৱাৰ্ড চেৰেমনি।

Advertisment

এই অনুষ্ঠানটিত গুৱাহাটীৰ ভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ২২গৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটি পৰিচালনা কৰে দক্ষিণ গুৱাহাটীৰ ৰটাৰী ক্লাৱৰ সভাপতি-সম্পাদক চন্দন ৰাজখোৱা আৰু প্ৰিয়মা গোস্বামীয়ে।

আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ক্লাৱৰ সদস্যসকলৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে SCERTৰ ডাৰেক্টৰ ড০ নিৰদা দেৱী, কামৰূপ মেট্ৰৰ শিক্ষা বিষয়া দিপিকা চৌধুৰীৰ লগতে বিশেষ অতিথি হিচাপে উপস্থিত থাকে উপ ৰাজ্যপাল প্ৰাঞ্জল মেনা।

ৰটাৰী ক্লাৱৰ নিয়ম অনুসৰি ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত সম্বৰ্ধনা জ্ঞাপন কৰা শিক্ষকসকল হৈছে- অলি চৌধুৰী, পম্পী ৰয়, মিনু দাস, জোনদেৱী শৰ্মা, তিলোত্তমা বৰা, ডলী শৰ্মা বৰুৱা, ৰূপম বৰগোহাঁই, নিপাৰাণী হালৈ, বিউটি পাঠক, মনালিছা মেধি, অঞ্জু শইকীয়া, মামনি কলিতা ডেকা, দৰদী বৰগোহাঁই, বিজুমণি পাঠক,বৈশালী বৰা, অবিস্পিতা গোস্বামী, চম্পা দে, মুস্তাকুৰ ৰহমান, বিনীতা বৈশ্য, হেমন্ত কুমাৰ শৰ্মা, হিমাক্ষী ৰামচিয়াৰী আৰু ৰহিনা ৰছিদ।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতি সপ্তাহৰ শুকুৰবাবে দক্ষিণ গুৱাহাটীৰ ৰটাৰী ক্লাৱে আয়োজন কৰে এটি বিশেষ অনুষ্ঠানৰ। এই অনুষ্ঠানলৈ ভিন্ন্ ক্ষেত্ৰৰ এগৰাকী বিশিষ্ট ব্যক্তি মুখ্য বক্তা হিচাপে নিমন্ত্ৰণ কৰে আৰু  সমাজৰ এটা বিশেষ বিষয়ক লৈ বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। মহানগৰীৰ যান্ত্ৰিকতাৰ ধুমখুমীয়াত ৰটাৰী ক্লাৱে আয়োজন কৰা এনে অনুষ্ঠানৰ জৰিয়তে ক্লাৱৰ বয়োজ্যেষ্ঠ সদস্য সকলৰ লগতে উপস্থিত থকা বিভিন্ন ক্ষেত্ৰৰ লোকেও গভীৰ প্ৰশান্তি অনুভৱ কৰে।

দক্ষিণ গুৱাহাটী ৰটাৰী ক্লাৱ