/asomiyapratidin/media/media_files/2025/01/04/ie3hMzknfxewaGOdY79T.jpg)
ডিজিটেল সংবাদ,খেৰণিঃ কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ অন্যতম পৰম্পৰাগত পূজা "ৰংকেৰ কাৰক্লি" অৰ্থাৎ ৰংকেৰ পূজা। প্ৰতিবছৰৰ দৰে এইবেলিও ৫ জানুৱাৰীত ৰংকেৰ পূজা অনুষ্ঠিত হ’ব কাৰ্বি আংলঙৰ গাঁৱে-গাঁৱে।
উল্লেখযোগ্য যে, মূলতঃ কৃষিপ্ৰধান কাৰ্বি জনজাতীয় সমাজখনক বিভিন্ন ৰোগ-ব্যাধি, অপায়-অমংগল, অপদেৱতাৰ কু-দৃষ্টিৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ৰংকেৰ পূজা আয়োজন কৰে কাৰ্বি আংলঙৰ প্ৰতিখন গাঁৱৰ গাওঁবাসীয়ে।
পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণিৰ বিভিন্ন গাঁৱতো দেখিবলৈ পোৱা গৈছে ৰংকেৰ পূজা আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰু উখল মাখল পৰিৱেশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us