Advertisment

কাৰ্বি আংলঙৰ ভিন্ন গাঁৱত 'ৰংকেৰ পূজা' উদযাপন...

কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ অন্যতম পৰম্পৰাগত পূজা হৈছে "ৰংকেৰ কাৰক্লি" অৰ্থাৎ ৰংকেৰ পূজা। প্ৰতিবছৰৰ দৰে এইবেলিও ৫ জানুৱাৰীত ৰংকেৰ পূজা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে কাৰ্বি আংলঙৰ গ্ৰামাঞ্চলত। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,খেৰণিঃ কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ অন্যতম পৰম্পৰাগত পূজা হৈছে "ৰংকেৰ কাৰক্লি" অৰ্থাৎ ৰংকেৰ পূজা। প্ৰতিবছৰৰ দৰে এইবেলিও ৫ জানুৱাৰীত ৰংকেৰ পূজা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে কাৰ্বি আংলঙৰ গ্ৰামাঞ্চলত। 

Advertisment

উল্লেখযোগ্য যে, মূলতঃ কৃষিপ্ৰধান কাৰ্বি জনজাতীয় সমাজখনক বিভিন্ন ৰোগ-ব্যাধি, অপায়-অমংগল, অপদেৱতাৰ কু-দৃষ্টিৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ৰংকেৰ পূজা আয়োজন কৰা পৰিলক্ষিত হয় কাৰ্বি আংলঙৰ প্ৰতিখন গাঁৱৰ গাঁওবাসীয়ে। পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণিৰ বিভিন্ন গাঁৱতো পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি মাজেৰে অনুষ্ঠিত কৰিছে ৰংকেৰ পূজা ।

কাৰ্বি আংলং