/asomiyapratidin/media/media_files/2025/06/23/tgtg-2025-06-23-08-46-37.jpg)
ডিজিটেল ডেস্কঃ এজাক বৰষুণতেই কৃত্ৰিম বানত ডুব গ’ল ঐতিহাসিক ৰংঘৰ ৷ এছিয়া মহাদেশৰ প্ৰথম ক্ৰীড়া পেভিলিয়ন ৰংঘৰৰ সন্মুখত এক আঠু পানী ৷ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৰংঘৰ বাকৰিত ৷ ৰংঘৰৰ লগত অসমীয়া জাতিৰ আবেগ জড়িত হৈ আছে ৷ ৰংঘৰ জাতিৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক ৷ অথচ ৰংঘৰক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব পৰা নাই চৰকাৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/23/jjj-2025-06-23-08-46-10.jpg)
ৰংঘৰৰ পিছফালে চৰকাৰে ১৪২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা প্ৰকল্পৰ বাবে আজি এই অৱস্থা ৷ ঐতিহাসিক সম্পদৰ ৩০০ মিটাৰ ব্যাসাৰ্ধৰ এলাকাত কোনেও নিৰ্মাণ কাৰ্য চলাব নোৱাৰে ৷ কিন্তু ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ ( আৰ্কলজিকেল চাৰ্ভে অৱ ইণ্ডিয়া ) নামৰ বিয়াগোম বিভাগটোৱে ৰংঘৰৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত অনেক লোকক গৃহ নিৰ্মাণৰ সুযোগ দিছে ৷ যাৰ ফলত ৰংঘৰ বাকৰি আজি জলমগ্ন ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/23/tgtg-2025-06-23-08-46-37.jpg)
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us