/asomiyapratidin/media/media_files/2025/03/21/zabqjyap4WbQcBQSDxbx.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ বৃহত্তৰ ৰঙাপৰা অঞ্চলৰ ৰোগীসকলৰ স্বাস্থ্য সেৱাৰ বাবে থকা একমাত্ৰ চৰকাৰী চিকিৎসালয় ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগী অনুপাতে নাই চিকিৎসক, নাই এগৰাকীও(GNM) জি এন এম নাৰ্চ, আৰু নাই ট্ৰেকনিচিয়ান ৷
বিভিন্ন সমস্যাৰ মাজেৰে বৰ্তমান চলি আছে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি ৷ বহু সময়ত চিকিৎসক আৰু নাৰ্চ নথকাৰ বাবেই স্বাস্থ্য সেৱা লাভৰ বাবে অহা ৰোগী সকল বিনা চিকিৎসাই ঘৰলৈ উভতি যাবলগীয়া হয়৷ বিগত দুবছৰ ধৰি চিকিৎসালয় খনত নাই এগৰাকীও (GNM) জি এন এম নাৰ্চ ৷ দুবছৰ পুৰ্ৱেই বদলি হৈ গৈছিল দুগৰাকী কৈ জি এন এম নাৰ্চ ।
আজি পৰ্যন্ত স্বাস্থ্য সেৱা বিভাগটোৱে এজনো জি এন এম নাৰ্চৰ নিযুক্তি নিদিলে ৷ চৰকাৰী স্বাস্থ্য কেন্দ্ৰটি পাঁচজন চিকিৎসকৰ ঠাইত মাত্ৰ তিনিজন চিকিৎসকে ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছে ৷ আনকি স্বাস্থ্য কেন্দ্ৰত তেজৰ নমুনা পৰীক্ষা কৰিবলৈ নাই এজনে পৰীক্ষাগাৰ সহায়ক ৷
যাৰ বাবে ডাইবেটিছ , প্ৰসুতি তথা আন পৰীক্ষা বাবে অহা ৰোগীয়ে এতিয়া বাহিৰৰ ব্যক্তিগত লেৱৰেটৰী সমুহত ধনৰ বিনিময়ত কৰিবলগীয়া হয় তেজৰ নমুনাৰ পৰীক্ষা ৷ উল্লেখ্য যে, প্ৰতিদিনে চিকিৎসালয় খনলৈ অহা ৩০০/৪০০ ৰোগীক কেৱল মাত্ৰ তিনিজন চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াই থাকি সমস্যাৰ সন্মুখীন হৈ আহিছে। মন্ত্ৰী আশোক সিংহলক ৰঙাপৰা স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ লগতে এজন স্থায়ী জি এন এম নাৰ্চৰ নিয়ুক্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৰাইজৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষই ৷