ৰঙালী ৰঙেৰে ৰঙীন ৰাজ্যবাসী

আজি উৰুকা। কাইলৈৰ পৰা অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। বিহুক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ৰঙালী ৰঙেৰে ৰঙীন ৰাজ্যবাসী।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আজি উৰুকা

আজি উৰুকা

ডিজিটেল ডেস্ক:

Advertisment

আজি বিহুৰ উৰুকা কাইলৈ বিহুৰ ভুৰুকা ঐ
গামোচা কাটিবৰ হ'ল ,
পুৱাতে উঠি লৈ গৰুক গা ধুৱামগৈ ঐ
তুমি দিয়া বিহুৱান লৈ । 

আজি উৰুকা। কাইলৈৰ পৰা অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। বিহুক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ৰঙালী ৰঙেৰে ৰঙীন ৰাজ্যবাসী। ঢোল, পেঁপাৰ মাতে ৰজনজনাইছে চৌদিশ। ভৰপক ধৰিছে বিহুৰ আখৰাই।

সমান্তৰালভাৱে বজাৰ ভৰিছে বিহুৰ সামগ্ৰীৰে। বজাৰসমূহত উভৈনদী হৈছে বিহুৰ পিঠা-পনা, দৈ-চিৰা, গুৰ আৰু অন্যান্য সা-সামগ্ৰীৰে। গৰু বিহুৰ বাবে বজাৰত উলাইছে দীঘলতী পাত, থেকেৰা, হালধি আদিৰে। থলুৱা শিপিনীৰ গামোচাৰো বাঢ়িছে চাহিদা। অসমীয়া নৱবৰ্ষত জ্যেষ্ঠ জনক বস্ত্ৰদান কৰি সেৱা কৰা, নতুন কাপোৰ পিন্ধা পৰম্পৰা ৰক্ষা কৰি কাপোৰৰ বজাৰত ভিৰ কৰিছে অসমীয়াই।

আনহাতে কৰ্মব্যস্ততা এৰি আপোন ঘৰখনলৈ উভতিছে বিভিন্নজন। উজনিৰ পৰা নামনি লৈ ৰঙালীৰ আনন্দত মতলীয়া হৈ হেঁপাহৰ ঘৰলৈ ঢাপলি মেলিছে কৰ্মচাৰী। যান্ত্রিকতাৰ আঁৰত হেৰাই যোৱা আন্তৰিকতা যেন ৰঙালীয়ে আদৰি আনিছে।

bihu বিহু গৰু বিহু