নগাঁও মহাবিদ্যালয়ত ৰঙালী বিহুৰ আদৰণি...

নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ত শনিবাৰে পোনপ্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ শিক্ষক পৰিষদৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা অনা শিক্ষক -কৰ্মচাৰীৰ সহযোগত বাপতিসাহোন ৰঙালী বিহুটিক ব্যতিক্ৰমভাৱে উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
নগাঁও  মহাবিদ্যালয়ত ‘বিহু ওলগ’ অনুষ্ঠান

ডিজিটেল সংবাদ, নগাঁও : নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ত শনিবাৰে পোনপ্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ শিক্ষক পৰিষদৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা অনা শিক্ষক -কৰ্মচাৰীৰ সহযোগত বাপতিসাহোন ৰঙালী বিহুটিক ব্যতিক্ৰমভাৱে উদযাপন কৰা হয়। পুৱা শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা ‘বিহু ওলগ’ অনুষ্ঠানটি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হয়।

Advertisment

পুৱা দহ বজাত শ্বহীদ অনিল বৰা, যজ্ঞেশ্বৰ শৰ্মা আৰু সাহিত্যাচাৰ্য মহিম বৰাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। নগাঁও মহাবিদ্যালয়ৰ শিক্ষক পৰিষদৰ সম্পাদক ড০ প্ৰশান্ত খনিকৰে আঁত ধৰা ‘বিহুৰ ওলগ’ কাৰ্যসূচীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক সেৱা জনাই ফুলাম গামোচাৰে বিহুৰ ওলগ জনোৱা হয়।

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ‘হুঁচৰি’ পৰিৱেশন কৰা হয় আৰু তাৰ পিচতে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলে সমূহীয়াভাৱে বিহু পৰিৱেশন কৰে। অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু কৰ্মৰত অধ্যাপক-অধ্যাপিকা, অনাশিক্ষক কৰ্মচাৰীৰ লগতে সংবাদ কৰ্মী আৰু তিনিশতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি সকলোৱে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ অনুষ্ঠানটোত সহযোগিতা আগবঢ়ায়।

nagaon nagaon college (autonomous)