প্ৰাকৃতিক দুৰ্যোগত সকলো একেলগে থাকে গতিকে ময়ো আজি ৰাজনৈতিক কথা নকওঃ ৰকিবুল হুছেইন

প্ৰাকৃতিক দুৰ্যোগত সকলো একেলগে থাকে গতিকে ময়ো আজি ৰাজনৈতিক কথা নকওঃ ৰকিবুল হুছেইন
Published on
Updated on

ডিজিটেল সংবাদ,কোকৰাঝাৰ: লোকসভাৰ সাংসদ হিচাপে শপত গ্ৰহণৰ পিছত বৃহস্পতিবাৰে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ যোগে কোকৰাঝাৰত উপস্থিত হয় সাংসদ ৰকিবুল হুছেইন।কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত সাংসদ গৰাকীক সম্বৰ্ধনা জনাই একাংশ কংগ্ৰেছ কৰ্মীয়ে।সাংবাদিকৰ সৈতেও মত বিনিময় কৰে নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে।

তেওঁ কয় যে, প্ৰাকৃতিক দুৰ্যোগত বাঘে-ছাগে সকলো একেলগে থাকে,কোনেও কাকো আক্ৰমন নকৰে। গতিকে ময়ো আজি ৰাজনৈতিক কথা-বতৰা নকও।মই বিচাৰো বানাক্ৰান্তক বান সাহাৰ্য দিব লাগে,গৰাখহনীয়াগ্ৰস্তই সাহাৰ্য পাব লাগে।চৰকাৰে পূৰ্বৰ বানত ক্ষতিগ্ৰস্তকে এই পৰ্যন্ত পইচা দিয়া নাই।

লগতে তেওঁ কয় যে,দিল্লীয়ে গৰাখহনীয়া বুজি নাপায়,এদিনতে ১০০ বিঘা মাটি নদীত জাহ যোৱাৰ ফলত কেনেদৰে পথৰ ভিক্ষাৰী হয় সেয়াও বুজি নাপায়।গৰাখহনীয়া আৰু বানাক্ৰান্তৰ সাহাৰ্যৰ বাবে যুঁজ দিয়া হ'ব।ৰূপচী বিমানবন্দৰ পুণৰ কাৰ্যক্ষমৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে। কোকৰাঝাৰৰ পৰা ধুবুৰীলৈ স্থলপথেৰে যাত্ৰা কৰে সাংসদ হুছেইনে।

প্ৰাকৃতিক দুৰ্যোগত সকলো একেলগে থাকে গতিকে ময়ো আজি ৰাজনৈতিক কথা নকওঃ ৰকিবুল হুছেইন
প্ৰধানমন্ত্ৰী মোডীৰে কি কথা পাতিলে ভাৰতীয় ক্ৰিকেট দলে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in