ধুবুৰীত সাংসদ পুঁজিৰ কাম পৰিদৰ্শন সাংসদ ৰকিবুল হুছেইন...

ধুবুৰীৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ সাংসদ ৰকিবুল হুছেইনে মন্তব্য আগৱঢ়াই কয় যে সমগ্ৰ ঘটনাৰ লগত যি চক্ৰই জড়িত নাথকক কিয় কঠোৰ হাতেৰে দমন কৰিবলৈ ধুবুৰী জিলা প্ৰশাসনলৈ তেওঁ আহ্বান জনাইছে।

author-image
Asomiya Pratidin
New Update
fvhvjhvjh

ডিজিটেল সংবাদ, ধুবুৰীঃ  ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন কালি ধুবুৰী আৱৰ্ত ভৱনত আহি উপস্থিত হৈ ধুবুৰী জিলাৰ বিভিন্ন ঠাইত সাংসদ পুঁজিৰ কাম সমুহ ভালদৰে কৰাৰ বাবে বিভিন্ন জনৰ লগত এক পৰ্যালোচনা কৰে।

Advertisment

আনহাতে ধুবুৰীৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ সাংসদ ৰকিবুল হুছেইনে মন্তব্য আগৱঢ়াই কয় যে সমগ্ৰ ঘটনাৰ লগত যি চক্ৰই জড়িত নাথাকক কিয় কঠোৰ হাতেৰে দমন কৰিবলৈ ধুবুৰী জিলা প্ৰশাসনলৈ তেওঁ আহ্বান জনাইছে।

যাতে ইয়াতকৈ আৰু পৰিস্থিতি ভয়াৱহ হ'ব নোৱাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে অধিক কঠোৰ হ'ব লাগিব বুলি তেওঁ কয়। অপৰাধী অথবা ইয়াৰ লগত জড়িত ব্যক্তি সকলৰ সৈতে যাতে আপোচ কৰা নহয়  আৰু ধুবুৰী বাসীয়ে এই ক্ষেত্ৰত জিলা প্ৰশাসনক সহায় সহযোগিতা কৰিবলৈ সাংসদ গৰাকীয়ে আহ্বান জনাইছে।

গৰাখহনীয়া প্ৰতিৰোধ আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা লৈ ইয়াৰ সমাধানৰ বাবে সাংসদ গৰাকীয়ে চৰকাৰক আহ্বান জনাইছে। সাংসদ ৰকিবুল হুছেইনে কালি ধুবুৰী আৱৰ্ত ভৱনত ধুবুৰী জিলাৰ ক্ৰীড়া ক্ষেত্ৰ ক্ষণৰ উন্নয়নৰ বাবে ধুবুৰী ক্ৰীড়া সন্থাৰ বিষয়-ববীয়াৰ সৈতেও এক বৈঠকত মিলিত হয় বুলি সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে। ,

ৰকিবুল হুছেইন ধুবুৰী