/asomiyapratidin/media/media_files/2025/10/26/ikkkdd-2025-10-26-10-04-00.jpg)
ডিজিটেল ডেস্কঃ অসম ইতিহাসত বহুদিনলৈ কোনো চিনেমাই ভংগ কৰিব নোৱাৰা এক অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে। অগ্ৰিম টিকট মুকলি কৰি দিয়াৰে পৰা মাত্ৰ দুটা দিনৰ ভিতৰত ৭লক্ষাধিক টিকট বিক্ৰী হৈছে চিনেমাখনৰ।
অসমৰ ৯৪টা ছবিগৃহত অহা ৩১অক্টোবৰৰ পৰা প্ৰতিদিনেই ৪৫৬টা দৰ্শনী অনুষ্ঠিত হ'ব চিনেমাখনৰ। গুৱাহাটীৰ ১৩টা ছবিগৃহত প্ৰতিদিনেই ১৫৭টাকৈ দৰ্শনী হ'ব। পুৱা ৬বজাৰ পৰাই আৰম্ভ হ'ব প্ৰথম দৰ্শনী। ঠিকতেনেদৰে বিজয় নগৰত ৬টা দৰ্শনী, ৰঙিয়াত প্ৰতিদিনে ৪টা দৰ্শনী, মঙলদৈত প্ৰতিদিনে ৫টা দৰ্শনী, ছয়গাঁৱত প্ৰতিদিনে ৫টাকৈ দৰ্শনী অনুষ্ঠিত হব চিনেমাখনৰ।
আনফালে নলাবাৰী প্ৰতিদিনে ৫টা দৰ্শনীৰ বিপৰীতে বঙাইগাঁৱৰ দুটা ছবিগৃহত প্ৰতিদিনে ৩০টাকৈ দৰ্শনী হ'ব। ডিব্ৰুগড়ত প্ৰতিদিনে ১২টা, তিনিচুকীয়াত প্ৰতিদিনে ১৬টা, যোৰহাটৰ দুটা ছবিঘৰত প্ৰতিদিনে ২১টা, গোলাঘাটত ৪টা আৰু নগাঁৱত প্ৰতিদিনে ৯টা দৰ্শনী অনুষ্ঠিত হ'ব।
তেজপুৰৰ ৪টা ছবিগৃহত প্ৰতিদিনে ৪২টা দৰ্শনী, লখিমপুৰতো ৪টা ছবিঘৰত দিনে ২০টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ডিফুত প্ৰতিদিনে ৪টা দৰ্শনী, হাফলঙত প্ৰতিদিনে ৪টা দৰ্শনী, শিলচৰত ৪টা, মাৰ্ঘেৰিটাত ৪টাকৈ দৰ্শনী প্ৰতিদিনে প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালেৰ।
আনফালে অসমৰ বাহিৰতো ইটানগৰৰ ৩টা ছবিগৃহত প্ৰতিদিনে ৯টা দৰ্শনী, নাহৰ লগুণত দিনে ৩টা দৰ্শনী, বৃহত্তৰ মুম্বাইৰ ১০টা ছবিগৃহত প্ৰতিদিনে ১২টা দৰ্শনী, দিল্লী এন চি আৰৰ ১০টা ছবিগৃহত প্ৰতিদিনে ২৬টা দৰ্শনী প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালেৰ।
ইয়াৰোপৰি বেংগালুৰু ১০টা ছবিগৃহত ২৩টা দৰ্শনী প্ৰতিদিনে, হায়দৰাবাদত দিনে ২টা দৰ্শনী, আহমেদাবাদত ১টা, পুণেত দিনে ৭টা, চেন্নাইত দিনে ২টা, কলকতাত দিনে ১২টা আৰু কোচিত প্ৰতিদিনে ১টাকৈ দৰ্শনী প্ৰদৰ্শিত হ'ব জুবিন গাৰ্গৰ অতিকৈ হেপাঁহৰ চিনেমাখন।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us