টেষ্ট ক্ৰিকেটৰ পৰা ৰোহিতৰ অৱসৰ : শোকত ভাগি পৰিছে পত্নী ৰিতিকা

স্বামী ৰোহিতৰ অৱসৰ ঘোষণাৰ কথা যেন মানি ল’ব পৰা নাই পত্নী ৰিতিকা সজদেহে ! শোকত ভাগি পৰিছে ৰোহিত পত্নী ৰিতিকা । 

author-image
Asomiya Pratidin
New Update
টেষ্ট ক্ৰিকেটৰ পৰা ৰোহিতৰ অৱসৰ : শোকত ভাগি পৰিছে পত্নী ৰিতিকা

টেষ্ট ক্ৰিকেটৰ পৰা ৰোহিতৰ অৱসৰ : শোকত ভাগি পৰিছে পত্নী ৰিতিকা

ডিজিটেল ডেস্ক : স্বামী ৰোহিতৰ অৱসৰ ঘোষণাৰ কথা যেন মানি ল’ব পৰা নাই পত্নী ৰিতিকা সজদেহে ! শোকত ভাগি পৰিছে ৰোহিত পত্নী ৰিতিকা। 

Advertisment

দেশত আই পি এল চলি থকাৰ মাজতে বুধবাৰে ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। পূৰ্বৰ কোনো পৰিকল্পনা নোহোৱাকৈয়ে অকাস্মাতে ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেট সংস্কৰণৰ পৰা ঘোষণা কৰে। 

এনে পৰিস্থিতিত আবেগিক হৈ পৰিছে অনুৰাগীসকল। সমান্তৰালকৈ সামাজিক মাধ্যমযোগে দুখ প্ৰকাশ কৰিছে পত্নী ৰিতিকাই। 

তেওঁ ইষ্টাগ্ৰামৰ ষ্ট’ৰীত ভগ্ন হৃদয়ৰ ইমোজি ব্যৱহাৰ কৰি দুখ প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰচাৰ মাধ্যমত ভাইৰেল হৈ পৰিছে তেওঁৰ এই বিশেষ পোষ্টটো।  

প্ৰণিধানযোগ্য যে, টেষ্ট ক্ৰিকেটক বিদায় জনোৱাৰ পূৰ্বে ৰোহিতে ইতিমধ্যে টি-২০ ক্ৰিকেটকো জনাইছে বিদায়। এতিয়া মাত্ৰ তেওঁ খেলি যাব এদিনীয়া আৰু আই পি এল।

ৰোহিত শৰ্মা