/asomiyapratidin/media/media_files/2024/11/22/DhBFAa634uAkLzLbTsjU.jpg)
ডিজিটেল ডেস্ক : দ্বিতীয় সন্তানৰ পিতৃ হৈছে ৰোহিত শৰ্মা। পৰিয়ালৰ সৈতে কিছুদিন অতিবাহিত কৰাৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত খেলিব নোৱাৰিব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে।
তেওঁৰ অনুপস্থিতিত দলক নেতৃত্ব দিব যশপ্ৰীত বুমৰাহে। প্ৰথম টেষ্টত খেলিব নোৱাৰিলেও মেচখন চলি থকা সময়ত অষ্ট্ৰেলিয়া অভিমুখে উৰা মাৰিব ৰোহিত শৰ্মা। অহা ২৪ নৱেম্বৰ দেওবাৰে দলৰ সৈতে যোগ দিব অধিনায়কগৰাকীয়ে।