Advertisment

ছিডনী টেষ্টৰ পাছতে অৱসৰ ল’ব নেকি ৰোহিত শৰ্মাই ?

অৱশ্যে ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ ফাইনেলত যোগ্যতা অৰ্জন কৰিলে নিৰ্বাচকমণ্ডলীক দলত স্থান অব্যাহত ৰখাৰ বাবে অনুৰোধ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ।

author-image
Asomiya Pratidin
New Update
00

ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ অন্তত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । অৱশ্যে ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ ফাইনেলত যোগ্যতা অৰ্জন কৰিলে নিৰ্বাচকমণ্ডলীক দলত স্থান অব্যাহত ৰখাৰ বাবে অনুৰোধ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ।

Advertisment

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ত ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চম আৰু অন্তিম টেষ্টৰ পিছত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিবলৈ সাজু । চলিত  বেটিঙৰ লগতে দুৰ্বল অধিনায়কত্বৰ বাবে ভীষণ সমালোচনাৰ সন্মুখীন হব লগা হৈছে অধিনায়ক ৰোহিত শৰ্মা ।

ভাৰতীয় অধিনায়কগৰাকীৰ ভৱিষ্যত সন্দৰ্ভত আটাইতকৈ দীঘলীয়া ফৰ্মেটত আলোচনা হোৱা বুলি জল্পনা-কল্পনাৰ মাজতে ৰোহিতে ইতিমধ্যে টেষ্টৰ পৰা অৱসৰ লোৱাৰ সন্দৰ্ভত সিদ্ধান্ত লৈছে। অষ্ট্ৰেলিয়া শৃংখলাৰ অন্ত পৰাৰ পাছত ৰোহিতে টেষ্ট ক্ৰিকেট এৰি দিয়াৰ সম্ভাৱনা আছে।

অৱশ্যে ভাৰতে কেনেবাকৈ WTC 2023-25 ​​ফাইনেলত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হলে তেওঁ নিৰ্বাচকসকলৰ পৰা আৰু অধিক সময় বিচাৰিব পাৰে কিন্তু তাৰ সম্ভাৱনা তেনেই তাকৰ । অধিনায়ক হিচাপে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাতো নিশ্চিত যদিও মূল একাদশত স্থান লাভ কৰাৰ ক্ষেত্ৰটো প্ৰত্যাহ্বানৰ সন্মুখীন হব ৰোহিত শৰ্মা ।

ভাৰতীয় অধিনায়কগৰাকীয়ে মিডল অৰ্ডাৰত আৰু অপেনাৰ হিচাপে বেটিং কৰি দুয়োটা ভূমিকাতে দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে।

সোমবাৰে মেলবৰ্ণত অনুষ্ঠিত চতুৰ্থ টেষ্টত অষ্ট্ৰেলিয়াই ভাৰতক ১৮৪ ৰাণত পৰাস্ত কৰি পাঁচখন মেচৰ শৃংখলাত ২-১ত আগবাঢ়ি যোৱাৰ পিছত ভাৰতীয় অধিনায়কগৰাকীৰ ওপৰত হেঁচা আৰু অধিক বৃদ্ধি পায়। এই পৰাজয়ে অষ্ট্ৰেলিয়াত একেৰাহে তৃতীয়বাৰৰ বাবে টেষ্ট শৃংখলা জয় কৰাৰ সম্ভাৱনা নষ্ট কৰাই নহয়, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ২০২৩-২৫ৰ ফাইনেলৰ দৌৰৰ পৰাও বাহিৰ হোৱাৰ পথত ভাৰতক ঠেলি দিলে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত ৰোহিতৰ প্ৰদৰ্শন তেনেই নিম্নখাপৰ । কাৰণ তেওঁ ৫খন টেষ্টত ৬.২০ৰ গড়ত মাত্ৰ ৩১ ৰানহে কৰিবলৈ সক্ষম হৈছে। এডিলেইডত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত প্ৰত্যাৱৰ্তন কৰাৰ পূৰ্বে পুত্ৰৰ জন্মৰ বাবে পাৰ্থত আয়োজক দলৰ বিৰুদ্ধে ছিৰিজৰ অপেনাৰ খেলখন এৰি দিছিল ৰোহিতে। দুখন মেচত মিডল অৰ্ডাৰত বেটিং কৰিছিল যদিও দুৰ্ভাগ্যজনকভাৱে বিফল হৈছিল।

ইয়াৰ পিছতে এমচিজিত চতুৰ্থ টেষ্টত ৰোহিতক পুনৰ মূল ভূমিকাত স্থান দিয়া হয় কাৰণ ভাৰতীয় দল পৰিচালনা সমিতিয়ে কে এল ৰাহুলক অপেনাৰ হিচাপে খেলুৱাৰ পিছত চতুৰ্থ টেষ্টত ৰাহুলক তৃতীয় স্থানলৈ অৱনমিত কৰে । আনহাতে শুভমন গিলক একাদশৰ পৰা বাদ দিয়া হৈছিল । অৱশ্যে ভাৰতীয় অধিনায়কগৰাকীয়ে দুয়োটা ইনিংছত মাত্ৰ ১২ ৰানহে কৰিবলৈ সক্ষম হয় ।

বেটত ব্যৰ্থ হোৱাৰ বিপৰীতে অধিনায়ক হিচাপেও বিপৰ্যয়ৰ সন্মুখীন হৈছে ৰোহিত শৰ্মা । তেওঁৰ সিদ্ধান্ত গ্ৰহণ, বলিং পৰিৱৰ্তন আৰু ফিল্ডিং চেটআপে সমগ্ৰ শৃংখলাটোত ব্যৰ্থ হৈছে । এম চি জিত ভাৰতৰ এই গুৰুতৰ পৰাজয় আছিল ২০২৪ চনত ৰোহিতৰ অধীনত টেষ্টত ৬ সংখ্যক পৰাজয়।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ৰোহিত শৰ্মা