'হিটমেন'ৰ আজি জন্মদিন...

'হিটমেন'ৰ আজি জন্মদিন...

author-image
Asomiya Pratidin
New Update
'হিটমেন'ৰ আজি জন্মদিন...

ডিজিটেল ডেস্কঃ আজি হিটমেন ৰোহিত শৰ্মাৰ ওপজা দিন। ৩৭বছৰ বয়সত ভৰি থলে সোঁহতীয়া বেটচমেন গৰাকীয়ে। ২০০৭ চনত ২০ বছৰ বয়সতে শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰে আৰু খুব সোনকালেই তেওঁ ভাতীয় জাতীয় দলৰ এজন স্থায়ী সদস্য হৈ পৰে। এদিনীয়া ক্ৰিকেটত প্ৰথমে তেওঁ মিডল অৰ্ডাৰ স্থানত খেলিছিল যদিও ২০১৩ চনৰপৰা তেওঁ ভাৰতীয় দলৰ অ'পেনাৰ হিচাপে খেলিবলৈ লয় আৰু সফলতা অৰ্জন কৰে।

Advertisment

২০১৩ চনৰ নৱেম্বৰত নিজৰ কেৰিয়াৰৰ প্ৰথম দুখন টেষ্টত তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে একেলেথাৰিয়ে দুটা শতৰাণ অৰ্জন কৰে। তেওঁ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত অভিষেক টেষ্টত ১৭৭ ৰাণ আৰু তাৰ পাছৰখন টেষ্টত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত তেওঁ ১১১ ৰাণৰ ইনিংছ খেলে।

২০১৪ চনৰ ১৩ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে এখন এদিনীয়া খেলত ২৬৪ ৰাণৰ বিশাল ইনিংছ খেলে। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ ইতিহাসত ইয়ে বৰ্তমানলৈকে সৰ্বাধিক ব্যক্তিগত স্ক'ৰ। ৰোহিত শৰ্মাৰ ওপজা দিনটোত কোটি কোটি শুভাকাংক্ষীয়ে জনাইছে অভিনন্দন।

ৰোহিত শৰ্মা