/asomiyapratidin/media/media_files/2025/02/27/EAJYqI7kRzjwn8REVg1c.jpg)
ৰোহিত- ছামীৰ আঘাত : চিন্তাত টীম ইণ্ডিয়াৰ মেনেজমেণ্ট
ডিজিটেল ডেস্ক : সম্প্ৰতি চলি আছে আই চি চিৰ সন্মানীয় প্ৰতিযোগিতা চেম্পিয়নছ ট্ৰফী। এই প্ৰতিযোগিতাত জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ইতিমধ্যে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে টীম ইণ্ডিয়াই।
উল্লেখযোগ্য যে বাংলাদেশ আৰু পাকিস্তানক শোচনীয়ভাৱে পৰাস্ত কৰি পোনে পোনে ছেমি ফাইনেললৈ গৈছে ৰোহিত শৰ্মা বাহিনী। কথা হ’ল, এতিয়া মাত্ৰ নিয়মমাফিক এখন মেচ আছে নিউজিলেণ্ডৰ বিৰুদ্ধে। পিছে এই মেচৰ আগেয়ে চিন্তাত পৰিছে টীম ইণ্ডিয়াৰ মেনেজমেণ্ট !
কিয়নো টীম ইণ্ডিয়াৰ দুগৰাকীকৈ খেলুৱৈ এতিয়া আঘাতপ্ৰাপ্ত। শেতহীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখন হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছে অধিনায়ক ৰোহিত শৰ্মা। একেদৰে উক্ত মেচতে গোৰোহাত আঘাত পাইছে দলৰ মুখ্য বলাৰ মহম্মদ ছামীয়ে।
দুয়োগৰাকীৰ আঘাতে আউল লগাইছে প্ৰশিক্ষক গৌতম গম্ভীৰৰ উপৰি টীম মেনেজমেণ্টক। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব লগা মেচৰ আগেয়ে যদি দুয়ো সুস্থ নহয়, তেন্তে ৰোহিতৰ স্থানত খেলিব ঋষভ পণ্ট আৰু ছামীৰ স্থানত বাওঁহতীয়া বেগী বলাৰ অৰ্শদীপ সিঙ।
এক সূত্ৰে জানিব পৰা মতে, ৰোহিতৰ অনুপস্থিত সহ অধিনায়ক শুভমন গীলৰ সৈতে দলৰ ইনিংছ মুকলি কৰিব কে এল ৰাহুলে আৰু বলিঙৰ গুৰিব’ঠা ধৰিব অৰ্শদীপে।