‘’দলৰ বাবে ভাল হ’ব``-দ্বিতীয় টেষ্টৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত ৰোহিত শৰ্মাৰ

দ্বিতীয়খন টেষ্টত অংশগ্ৰহণৰ বাবে অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পিছত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছিল যে শৰ্মাৰ বেটিং অৰ্ডাৰ কি হ’ব, কিয়নো প্ৰথমখন টেষ্টত অপেনিঙত উন্নত প্ৰদৰ্শন দাঙি ধৰিছল কে. এল ৰাহুলে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল ডেস্কঃ  অষ্ট্ৰেলিয়াত শুকুৰবাৰৰে পৰা অনুষ্ঠিত হব ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট। প্ৰথম টেষ্টত ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় দলে । উল্লেখযোগ্য যে প্ৰথমখন টেষ্টৰ নেতৃত্ব দিছিল তাৰকা বলাৰ যশপ্ৰীত বুমৰাহে ।

Advertisment

তাৰকা বেটছমেন ৰোহিত শৰ্মা বিৰত আছিল প্ৰথমথন টেষ্টৰ পৰা । দ্বিতীয়টো সন্তান জন্ম হোৱা বাবে অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত প্ৰথমখন টেষ্টত অংশ লোৱা নাছিল নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই ।

দ্বিতীয়খন টেষ্টত অংশগ্ৰহণৰ বাবে অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পিছত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছিল যে শৰ্মাৰ বেটিং অৰ্ডাৰ কি হব? কিয়নো প্ৰথমখন টেষ্টত অপেনিঙত উন্নত প্ৰদৰ্শন দাঙি ধৰিছল কে. এল ৰাহুলে। কিন্ত সকলো প্ৰশ্নৰ অৱসান ঘটাই অধিনায়ক শৰ্মাই বৃহস্পতিবাৰে স্পষ্ট কৰে যে, দ্বিতীয়খন টেষ্টতো অপেনিং কৰিব কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে।

তাৰোপৰি নিজৰ বেটিং স্থান সন্দৰ্ভতো মন্তব্য কৰিছে ৰোহিত শৰ্মাই। তেওঁ মিডল অৰ্ডাৰত বেটিং কৰিবলৈ নিজকে সাজু কৰা বুলিও মন্তব্য কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে এয়া দলৰ বাবে ভাল হব আৰু ইয়াত ব্যক্তিগত কোনো স্বাৰ্থৰ কথা নাই। 

শৰ্মাৰ এই সিদ্ধান্তৰ পিছতে এক প্ৰকাৰ স্পষ্ট যে দ্বিতীয়খন টেষ্টত অপেনিং কৰিব কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে । ইয়াৰ লগতে দ্বিতীয়খন টেষ্টতো মূল একাদশত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে জ্যেষ্ঠ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে ।

সেয়া হ'লে দলৰ মূল একাদশৰ পৰা বাদ পৰিব বলাৰ ৱাছিংটন সুন্দৰ । তাৰ লগতে বুমৰাহৰ বলিং অ'ৰ্ডাৰ শক্তিশালী কৰিবলৈ দলত স্থান পাব আকাশ দ্বীপ নাইবা হৰ্ষিত ৰাণাৰ কোনোবা এজনে ।

ইয়াৰ লগতে দ্বিতীয়খন টেষ্টত খেলাৰ সুযোগ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে শুভমন গীলৰো। তেনে পৰিপ্ৰেক্ষিতত দ্বিতীয়খন টেষ্টৰ পৰা বঞ্চিত হব পাৰে ধ্ৰুৱ জুৰেল আৰু দেৱদূত পাদিকল ।

cricket rohit sarma India vs Australia