শৰণাৰ্থী শিবিৰ ত্যাগ কৰিব ৰোহিংগীয়াই ! আৰাকান সেনাৰ বিৰুদ্ধে জিহাদ ঘোষণা...

শৰণাৰ্থী শিবিৰ এৰি স্বাধীন দেশৰ বাবে জিহাদ কৰিবলৈ মন বান্ধিছে ৰোহিংগীয়া যুৱক-যুৱতীয়ে। শৰণাৰ্থী শিবিৰত জীয়াই থকাৰ পৰিবৰ্তে স্বাধীনতা অৰ্জনৰ বাবে আগ্ৰহী হৈ পৰিছে তেওঁলোক। 

author-image
Asomiya Pratidin
New Update
শৰনাৰ্থী শিবিৰ ত্যাগ কৰিব ৰোহিংগীয়াই ! আৰাকান সেনাৰ বিৰুদ্ধে জিহাদ ঘোষণা...

ডিজিটেল ডেস্কঃ শৰণাৰ্থী  শিবিৰ এৰি স্বাধীন দেশৰ বাবে জিহাদ কৰিবলৈ মন বান্ধিছে ৰোহিংগীয়া যুৱক-যুৱতীয়ে। শৰণাৰ্থী  শিবিৰত কেৱল জীয়াই থকাৰ পৰিবৰ্তে গৃহ ভূমিলৈ ঘূৰি গৈ স্বাধীনতা অৰ্জনৰ বাবে আগ্ৰহী হৈ পৰিছে তেওঁলোক। 

Advertisment

শেহতীয়াকৈ বাংলাদেশত থকা ৰোহিংগীয়া শৰণাৰ্থী শিবিৰৰ একাংশ যুৱক-যুৱতীৰ সৈতে বি বি চি (বাংলা)ৰ সাক্ষাতকাৰৰ পিছতে তেওঁলোকৰ এই নতুন চিন্তাৰ কথা প্ৰকাশ পাইছে। তেওঁলোকে স্পষ্টকৈ কয়, আমি ম্যানমাৰলৈ ঘূৰি যাম।যুঁজিবলগীয়া হ’লেও যুঁজিম, স্বাধীনতা কাঢ়ি আনিম।আমি স্বাধীনতা বিচাৰো।

কক্স বজাৰ অঞ্চলত থকা ৰোহিংগীয়া শিবিৰত থকা এজন যুৱকে কয়, আমি সকলো যুঁজিবলৈ সাজু। অৱশ্যে এইসকল যুৱক-যুৱতীক ৰোহিংগীয়াসকলৰ বিভিন্ন বিদ্ৰোহী গোটে উচটনি দি আহিছে। শিবিৰত থকা এই যুৱক-যুৱতীসকলৰ সৈতে তেওঁলোকে যোগাযোগ ৰক্ষা কৰি আহিছে।

কক্স বজাৰৰ এই শিবিৰত অতি কমেও চাৰি সংগঠনে সশস্ত্ৰ বিদ্ৰোহ, জেহাদ বা যুদ্ধৰ উচটনি দিছে।এই বিষয়সমূহক লৈ বিভিন্ন শিবিৰত নিয়মীয়াকৈ আভ্যন্তৰীণ বৈঠক আৰু আলোচনা অনুষ্ঠিত হৈ আহিছে। 

এই সশস্ত্ৰ বিদ্ৰোহী সংগঠন কেইটা হ’ল আৰাকান ৰোহিংগীয়া ছেলভেছন আৰ্মী (আৰ এছ এ), ৰোহিংগীয়া ছলিডাৰিটি অৰ্গেনাইজেচন (আৰ এছ অ’), ইছলামিক মহাজ আৰু আৰাকান ৰোহিংগীয়া আৰ্মী (এ আৰ এ)।

এই সংগঠনসমূহে বিভিন্ন সময়ত সভা পাতি ৰোহিংগীয়া যুৱক-যুৱতীসকলক একত্ৰিত কৰাৰ চেষ্টা চলাইছে আৰু ম্যানমাৰৰ আৰাকান সেনাৰ বিৰুদ্ধেও এক ঐক্যবদ্ধ স্থিতি গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।

কুটুপালং শিবিৰত থকা এজন ৰোহিংগীয়াই প্ৰকাশ কৰা মতে এই বৈঠকত ৰোহিংগীয়াসকলৰ নিজৰ মাজতে সংঘাতত লিপ্ত নহ’বলৈ আৰু নিজৰ গৃহ দেশ ম্যানমাৰলৈ ঘূৰি অহাৰ প্রক্রিয়া সন্দর্ভত আলোচনা কৰা হয়৷ 

তেওঁলোকে শৰণাৰ্থীসকলক বুজাই দিছে বাংলাদেশ তেওঁলোকৰ নিজৰ দেশ নহয়। তাৰোপৰি তেওঁলোকক বাংলাদেশত কোনোধৰণৰ কাজিয়াত লিপ্ত নহ’বলৈ, সকলোকে ঐক্যবদ্ধ হৈ থাকিবলৈ, কোনো ধৰণৰ চুৰি, ডকাইতি, হত্যা বা আন অপৰাধত লিপ্ত নহ’বলৈয়ো সকিয়াই দিয়া হৈছে। 

উল্লেখ্য যে, বাংলাদেশত আশ্ৰয় লৈ থকা ৰোহিংগীয়া শৰণাৰ্থীসকলে আৰাকান সেনাৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰিব পাৰে বুলি আশংকা কৰি শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সংকট গোটে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। সেই প্ৰতিবেদনৰ সত্যতা নিশ্চিত হৈছে। 

আইচিজিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে উগ্ৰপন্থী সংগঠনসমূহে ৰাখাইন প্ৰদেশত শৰণাৰ্থীক যুদ্ধৰ বাবে উচটনি দিবলৈ ধৰ্মীয় ভাষা ব্যৱহাৰ কৰি আছে।

আইচিজিৰ প্ৰতিবেদনৰ লেখক তথা আন্তঃৰাষ্ট্ৰীয় সংকট গোটৰ বাংলাদেশ আৰু ম্যানমাৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা থমাছ কেনে জনোৱা অনুসৰি বিগত ডেৰ বছৰ ধৰি ৰোহিংগীয়াসকলৰ মাজত যুদ্ধৰ মনোভাৱ সৃষ্টিৰ প্ৰচেষ্টা চলি আছে। আনকি এই শিবিৰৰ পৰা একাংশক ম্যানমাৰলৈ লৈ গৈ তাতেই বিদ্ৰোহৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ চালনা, শাৰীৰিক আদি প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। 

শিবিৰত সশস্ত্ৰ গোট আৰু তেওঁলোকৰ সমৰ্থকসকলে ম্যানমাৰলৈ উভতি গৈ আৰাকান সেনাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু গৃহভূমি পুনৰ উদ্ধাৰ কৰিবলৈ মনোবল বৃদ্ধিৰ কামত লিপ্ত হৈছে। কিন্তু এই প্ৰক্ৰিয়া যে, কোনো কাৰণতে ইমান সহজ নহয় সেয়াও এই প্ৰতিবেদনতে উল্লেখ কৰা হৈছে। 

প্ৰতিবেদনখনৰ মূল লেখক থমাছ কেইনে কয় যে, "ক্ৰাইচিছ গ্ৰুপৰ দৃষ্টিকোণৰ পৰা এয়া এক অতি বিপজ্জনক বাৰ্তা। কাৰণ এই বিদ্ৰোহ আৰাকান সেনাবাহিনীৰ বিৰুদ্ধে সফল নহ'ব। আৰাকান সেনাই ম্যানমাৰৰ সেনাবাহিনীক পৰাস্ত কৰিছে।এনে কাৰ্যৰ ফলত বাংলাদেশ, ৰোহিংগীয়া জনসাধাৰণ, সাধাৰণ নাগৰিক, আৰু দুয়োপক্ষৰ যোদ্ধাসকলৰ ওপৰত বিধ্বংসী প্ৰভাৱ পৰিব। ইয়াৰ পৰিণতি ভয়াৱহ হ'ব।"

উল্লেখ্য যে, কক্স বজাৰৰ উখিয়া আৰু টেকনাফৰ ৩৩টা শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ আছে প্ৰায় ১৩ লাখ ৰোহিংগীয়া শৰণাৰ্থী। ইয়াৰে ৩৪ শতাংশই যুৱক। অৱশ্যে বাংলাদেশৰ প্ৰশাসনে ৰোহিংগীয়া শিবিৰত এনেধৰণৰ সশস্ত্ৰ বিদ্ৰোহীৰ কাৰ্যকলাপৰ কথা অস্বীকাৰ কৰিছে। 

বাংলাদেশ চৰকাৰে আৰাকান সেনাৰ সৈতেও যোগাযোগ স্থাপন কৰিছে। আৰাকান সেনাৰ দখলতে আছে ৰাখাইন প্ৰদেশৰ বেছিভাগ অঞ্চল। বাংলাদেশৰ এই শৰণাৰ্থী শিবিৰসমূহৰ কৰ্তৃত্বশীল বিষয়া মিজানুৰ ৰহমানে কয় যে, ৰোহিংগীয়া আৰু আৰাকান সেনাৰ মাজত সংঘাত ঐতিহাসিক আৰু শেহতীয়াকৈ অধিক তীব্ৰতৰ হৈ পৰিছে। ৰোহিংগীয়াসকল ৰাখাইনৰ বিৰোধী। 

২০২৩ চনৰ নৱেম্বৰ মাহত যেতিয়া আৰাকান সেনাই ৰহিংগীয়া জনবসতিপূৰ্ণ অঞ্চলত আক্ৰমণ আৰম্ভ কৰিছিল, সেই সময়তে চৰকাৰী বাহিনীৰ হৈ একাংশ ৰোহিংগীয়াই অস্ত্ৰ তুলি লৈছিল। ফলত আৰাকান সেনা আৰু ৰোহিংগীয়াৰ মাজত শত্ৰুতা অধিক বৃদ্ধি পায়। 

ফলস্বৰূপে আৰাকান সেনাই ৰাখাইন প্ৰদেশ দখল কৰাত সেই অঞ্চলত ৰোহিংগীয়াৰ ওপৰত নিৰ্বিচাৰ হত্যাকাণ্ড সংঘটিত কৰে। ফলত ৰোহিংগীয়াসকলৰ বৃহৎ সংখ্যকে বাংলাদেশত প্ৰৱেশ কৰে। যোৱা ডেৰ বছৰতে ১ লাখ ২০ হাজাৰ ৰোহিংগীয়াই প্ৰৱেশ কৰিছে বাংলাদেশত। 

উখিয়া আৰু টেকনাফৰ ৩৩টা শৰনাৰ্থী শিবিৰৰ নিৰাপত্তাৰ দায়িত্বত আছে বাংলাদেশৰ সশস্ত্ৰ আৰক্ষী বেটেলিয়নৰ ২০০০ৰো অধিক সদস্য। 

 

ম্যানমাৰ বাংলাদেশ ৰোহিঙ্গীয়া কেম্প