/asomiyapratidin/media/media_files/2025/03/16/oKKgS1MKZWLMw6eInfbD.jpg)
ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰি সচাঁ প্ৰমাণিত হ'ল। অসমীয়া প্ৰতিদিন ডিজিটেলে বাতৰি প্ৰকাশ কৰা অনুসৰিয়েই আজি কংগ্ৰেছত যোগদান কৰিব অসমীয়া গহনাৰ নিৰ্মাতা ডুগডুগিৰ স্বত্বাধিকাৰী উৎপল বনিয়াই। ৰহাত আজি অসম প্ৰদেশ কংগ্ৰেছে আয়োজন কৰিছে বৃহত যোগদান কাৰ্যসূচী।
ৰহা ব্লক কংগ্ৰেছ আৰু পাখীমৰীয়া ব্লক কংগ্ৰেছৰ সাংগঠনিক সভাত কংগ্ৰেছ দলত যোগ দিব অসমীয়া গহনাৰ নিৰ্মাতা ডুগডুগিৰ স্বত্বাধিকাৰী উৎপল বনিয়া সহিতে বৃহৎ সংখ্যক লোকে। ৰহাৰ নতুন চাৰিআলিত বিশাল আয়োজন কৰা হৈছে। এই বিশেষ সভাত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈকে কেইবাগৰাকীও ৰাজ্যিক পৰ্য্যায়ৰ নেতা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us