স্মাৰ্ট আৰক্ষীৰ ফুপোলা স্বৰূপ উদঙাই দিন দোপৰতে মহানগৰীত ডকাইতি...

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

CRIME

ডিজিটেল ডেস্কঃ মহানগৰী নহয় যেন অপৰাধ নগৰীহে ! প্ৰতিদিনেই মহানগৰীত সংঘটিত হৈছে কেৱল অপৰাধ। ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰ্যবসিত হোৱা গুৱাহাটী মহানগৰীত এতিয়া আৰক্ষী, প্ৰশাসনলৈ কেৰেপ নকৰে আপৰাধীয়ে।

Advertisment

দিন দোপৰতে বলিউড, হলিউড চিনেমাৰ কাইদাৰে লুটপাতত লিপ্ত হৈছে একাংশ দুৰ্বৃত্ত। এনে এক ঘটনাই সংঘটিত হ'ল দেওবাৰে। গুৱাহাটী মহানগৰীৰ অতি ব্যস্ত অঞ্চল জু-ৰোড তিনিআলি।

দেওবাৰে দিনৰ ভাগত এই জু-তিনিআলিতেই চিনেমাৰ কাইদাৰে আত্মপ্ৰকাশ কৰিলে এটা ডকাইতিৰ দলে। চিনাকী দিলে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া হিচাপে। জু-তিনিআলিৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা এই দলটোত আছিল প্ৰায় ৪/৫ জন সদস্য।

ইনতাজ পাণ চপ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনত ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া হিচাপে পৰিচয় দি এই দলটোৱে প্ৰৱেশ কৰি লুটি নিলে প্ৰায় ৫০ হাজাৰ টকা। পিছত ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ গৰাকীয়ে ক্ৰাইম ব্ৰাঞ্চৰ লোক হিচাপে পৰিচয় দিয়া দলটো যে প্ৰকৃততে এটা ডকাইতৰ দলহে সেই কথা গম পোৱাত আৰক্ষীক অৱগত কৰে।

আৰক্ষীয়ে এই ডকাইতৰ দলটোৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান। সেয়া যিয়েই নহওক দিনৰ পোহৰত অতি ব্যস্ত অঞ্চল হিচাপে পৰিচিত জু-তিনিআলিত এইদৰে ক্ৰাইম ব্ৰঞ্চৰ লোক হিচাপে পৰিচয় দি লুটপাত কৰা কাৰ্যই পুনৰবাৰ গুৱাহাটীৰ অতি স্মাৰ্ট আৰক্ষী ফুপোলা ৰূপটো উন্মোচন কৰিলে।

guwahati crime