জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱত দিন দুপৰতে চোৰৰ চাফাই অভিযান...

নন্দিকেশ্বৰ গাঁৱত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ অনুষ্ঠান চলি থকাত উক্ত অনুষ্ঠানত ব্যস্ত আছিল গাঁওবাসী । সেই উপলক্ষে ঘৰত কেনো নথকাৰ উমান বুজি চোৰৰ দলে উক্ত বাসগৃহত চলাই চাফাই অভিযান । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত দিন দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড । জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱত সংঘটিত হয় উক্ত চুৰিকাণ্ড ।

Advertisment

গাঁওখনৰ ৰঞ্জিত শৰ্মা নামৰ লোকজনৰ বাসগৃহত পিছফালৰ দৰ্জাৰ তলা ভাঙি বাসগৃহত প্ৰৱেশ কৰে চোৰৰ দল । চোৰৰ দলে প্ৰায় ৪ লাখ টকাৰ সোণৰ আ-অলংকাৰসহ নগদ ৪০ হাজাৰ টকা লুটি নিয়ে ব্যক্তিজনৰ গৃহৰ পৰা । 

উল্লেখযোগ্য যে নন্দিকেশ্বৰ গাঁৱত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ অনুষ্ঠান চলি থকাত উক্ত অনুষ্ঠানত ব্যস্ত আছিল গাঁওবাসী । সেই উপলক্ষে ঘৰত কেনো নথকাৰ উমান বুজি চোৰৰ দলে উক্ত বাসগৃহত চলাই চাফাই অভিযান । 

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে । 

চুৰিকাণ্ড