![0](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/21/zEyWqeVYD1bjC4fOMhgM.jpg)
ডিজিটেল ডেস্কঃ কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত চেপ্তীত শুকুৰবাৰে নিশা চোৰে চলায় চাফাই অভিযান । চোৰে নিশা এঘৰ নামুহৰ ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে লক্ষাধিক টকাৰ মূল্যবান সম্পত্তি ।
উল্লেখযোগ্য যে চেপ্তীৰ হিতেশ শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ ঘৰত চোৰে প্ৰৱেশ কৰি লুটি নিয়ে ৪ লক্ষাধিক টকাৰ সোণ-ৰূপৰ গহনাৰ লগতে নগদ ৪৫ হাজাৰ টকা । নিশা পৰিয়ালৰ কোনো লোক ঘৰত নথকাৰ সুযোগ বুজি চোৰে লুট-পাট চলোৱা বুলি অনুমান কৰিছে পৰিয়ালৰ লোকে ।
ঘটনাৰ খবৰ লাভ কৰি শনিবাৰে কমলপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । ইতিমধ্যে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।