ষ্টেট বেংকৰ ভিতৰৰ পৰাই দুৰ্বৃত্তই লুটি নিলে ৪ লক্ষাধিক টকা

ধুবুৰী জিলাৰ গোলকগঞ্জস্থিত ষ্টেট বেংকত অঘটন। বেংকৰ ভিতৰত গ্ৰাহকৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৪ লক্ষাধিক টকা। গোলকগঞ্জৰ হিতেশ ৰায় নামৰ ব্যক্তিজন পৰা বৃহস্পতিবাৰে দুৰ্বৃত্তই লুটি নিয়ে টকাখিনি। ইতিমধ্যে ষ্টেট বেংকৰ চি চি টি ভি কেমেৰাত বন্দী হৈছে এই সমগ্ৰ দৃশ্য

author-image
Asomiya Pratidin
New Update
দুৰ্বৃত্তই লুটি নিলে ৪ লক্ষাধিক টকা

দুৰ্বৃত্তই লুটি নিলে ৪ লক্ষাধিক টকা

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলাৰ গোলকগঞ্জস্থিত ষ্টেট বেংকত অঘটন। বেংকৰ ভিতৰত গ্ৰাহকৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৪ লক্ষাধিক টকা। গোলকগঞ্জৰ হিতেশ ৰায় নামৰ ব্যক্তিজন পৰা বৃহস্পতিবাৰে দুৰ্বৃত্তই লুটি নিয়ে টকাখিনি। ইতিমধ্যে ষ্টেট বেংকৰ চি চি টি ভি কেমেৰাত বন্দী হৈছে এই সমগ্ৰ দৃশ্য। উল্লেখযোগ্য যে, গোলকগঞ্জ বজাৰত হিটাচি কোম্পানীৰ এটিএম চলোৱা হিতেশ ৰায় নামৰ ব্যক্তিজনে ভাৰতীয় ষ্টেট বেংকৰ গোলকগঞ্জ শাখাৰ পৰা ৪ লক্ষাধিক টকা তুলি বেংকৰ গাণনিকৰ কাষত গৈ বহিছিল। হিতেশ ৰায় আৰু বেংকৰ গাণনিকে কথা পাতি থকাৰ সময়তেই পিছফালৰ পৰা অচিনাক্ত দুৰ্বৃত্তই আহি টকাৰ বেগ লৈ উধাও হয়। আৰক্ষীয়ে সংগ্ৰহ কৰিছে বেংকৰ চি চি টিভি কেমেৰাত বন্দী হোৱা সমগ্ৰ দৃশ্য। ইফালে বেংকৰ ভিতৰতেই গ্ৰাহকৰ কোনো নিৰাপত্তা নথকাত সচেতন মহলে আচৰ্য প্ৰকাশ কৰিছে। ইতিমধ্যেই ভুক্তভোগী হিতেশ ৰায়ে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে।

ভাৰতীয় ষ্টেট বেংক ধুবুৰী