বেলতলাত গৃহস্থ শুই থকা কোঠালিত ডকাইতৰ লুটপাত...

আলমাৰী ভাঙি লুটপাত চলালে ডকাইতে। বেলতলাৰ অন্তৰ্গত বনগাঁৱৰ গীতিমা ঠাকুৰীয়াৰ ঘৰত ডকাইতে প্ৰৱেশ কৰি সংঘটিত কৰে এই কাণ্ড। ডকাইতে পৰিয়ালটোৰ কোঠাৰ পৰা সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন লৈ যায়।

author-image
Asomiya Pratidin
New Update
ধুবুৰী কাণ্ডৰ নতুন মোৰ! অভিযোগ দিয়া ডিএফঅ’ৰ বিৰুদ্ধে হ’ব তদন্ত, ধুবুৰী আৰক্ষী অধীক্ষককো অপসাৰণ কৰাৰ সম্ভাৱনা!
ডিজিটেল সংবাদ,গুৱাহাটীঃ   মহানগৰীৰ বেলতলাত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে। গৃহস্থ শুই থকা কোঠালিৰ আলমাৰী ভাঙি লুটপাত চলালে ডকাইতে। জানিব পৰা মতে, বেলতলাৰ অন্তৰ্গত বনগাঁৱৰ গীতিমা ঠাকুৰীয়াৰ ঘৰত ডকাইতে প্ৰৱেশ কৰি সংঘটিত কৰে এই কাণ্ড।

ভুক্তভোগী পৰিয়ালৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ডকাইতে পৰিয়ালটোৰ কোঠাৰ পৰা সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন লৈ যায়। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে গীতিমা ঠাকুৰীয়া। ঘটনা সন্দৰ্ভত তদন্ত চলাব আৰক্ষীয়ে।

 

Advertisment

 

বেলতলা