/asomiyapratidin/media/media_files/2025/04/09/jzsUVyKUXZtah5mtwaht.jpg)
চিলনী চোৰৰ সন্ত্ৰাস
ডিজিটেল সংবাদ, বালিপৰা: শোণিতপুৰৰ বালিপৰাত চিলনী চোৰৰ সন্ত্ৰাস। বালিপৰাত দিনদুপৰতে এজন ব্যৱসায়ীৰ পৰা লুটি লৈ গ'ল ৮০ হাজাৰ টকা। বালিপৰাৰ সজল চৰকাৰ নামৰ ব্যৱসায়ী জনে ইউকো বেঙ্কৰ বালিপাৰ শাখাৰ পৰা টকাখিনি উলিয়াই এটা বেগৰ ভিতৰত ভৰাই নিজৰ মটৰচাইকেল খনত থৈছিল। এনেতে মটৰচাইকেল খনৰ পৰাই চিলনী চোৰে লুটি লৈ গ'ল নগদ ৮০ হাজাৰ টকা। ইতিমধ্যে ঘটনা সন্দৰ্ভত ব্যৱসায়ী সজল চৰকাৰে চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
অৱশেষত ৰঙাপৰাত ৰে'লৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ইৰাণী গ্ৰুপৰ তিনি সদস্যক। সজল সৰকাৰৰ এজাহাৰৰ ভিত্তিত চাৰিদুৱাৰ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ৰঙাপৰা ৰে'লৱে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। ৰঙাপৰা ৰে'লৱে আৰক্ষীৰ এটি দলে ৰে'লৱে জংচনটোৰ ১ নং প্লেটফৰ্মত অভিযান চলাই যাত্ৰীবাহী ৰে'লৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত টকাখিনিৰ সৈতে চিলনী চোৰ তথা ইৰানী গ্ৰুপৰ তিনি সদস্যক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰ কেইটা ক্ৰমে, বিহাৰৰ আৰিয়ণ ঘোষ, মুকেশ যাদৱ আৰু প্ৰবীণ যাদৱ। ৰঙাপৰা আৰক্ষীয়ে তিনি চোৰক গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে৷