/asomiyapratidin/media/media_files/2025/02/24/rJrtEpFXyhlmqZvp8Imi.jpg)
ডিজিটেল ডেস্কঃ এডভান্টেছ অসম-২.০ৰ বাবে গুৱাহাটীত বিশেষ পৰ্থ নিৰ্দেশনা জাৰি কৰা হৈছে। ২৪, ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত মহানগৰবাসীৰ বাবে যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা জাৰি কৰা হৈছে।
২৪ ফেব্ৰুৱাৰীৰ দিনটোত গুৱাহাটীত ব্যাপক যান-জঁটৰ আশংকা কৰা হৈছে। কাৰণ ২৪ ফেব্ৰুৱাৰীত সন্ধিয়া ৫.৩০ বজাত প্ৰায় ৯ হাজাৰ শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব।
কিন্তু সৰুসজাইলৈ যোৱাৰ পথত থাকিব কেতবোৰ বিশেষ পথ নিৰ্দেশা। ঝুমইৰ বিনন্দিনীৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে । বাণিজ্যিক ৪ চকীয়া বাহন NH 27 আৰু NH 17 প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
মহানগৰীৰ NH-27ত ২৪ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা নিশা ১১:৩০ বজালৈ নিষিদ্ধ বাণিজ্যিক ৪ চকীয়া বাহনৰ চলাচল। ইফালে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ বাণিজ্যিক বাহন আৰু তিনি চকীয়া বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
জি এছ ৰোডত উলুবাৰীৰ পৰা খানাপাৰালৈ বাণিজ্যিক বাহন আৰু তিনিচকীয়া বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। জে’ল গেটৰ পৰা বেলতলা তিনিআলি পইণ্টলৈ বাণিজ্যিক বাহন আৰু তিনিচকীয়া বাহন চলাচলত নিষেধাজ্ঞা থাকিব।
ভি আই পি ৰোড, বশিষ্ঠ মন্দিৰ ৰোড, উলুবাৰীৰ পৰা খানাপাৰা জি এছ ৰোডলৈ বাহন চলাচলত নিষেধাজ্ঞা। পুৱা ৯ বজাৰ পৰা নিশা ১১:৩০ বজালৈ ২৪ ফেব্ৰুৱাৰীত প্ৰৱেশ নিষিদ্ধ। ছয়মাইলৰ পৰা জয়ানগৰ, ড০ ভবেন্দ্ৰ নাথ শইকীয়া ৰোডলৈ, ভি আইপি ৰোড, জু-ৰোড আৰু পাঞ্জাবাৰী ৰোডতো এই নিৰ্দেশনা কাৰ্যকৰী হ’ব। ২৫-২৬ ফেব্ৰুৱাৰীত পুৱা ৬ বজাৰ নিশা ১০ বজালৈ প্ৰৱেশ নিষিদ্ধ। বাণিজ্যিক বাহন আৰু তিনি চকীয়া বাহনৰো প্ৰৱেশ নিষিদ্ধ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us