/asomiyapratidin/media/media_files/2024/12/11/5HDETgpp5ENoZkuJyyfA.jpg)
ডিজিটেল সংবাদ , বেবেজীয়াঃ সুদীৰ্ঘ বহু বছৰৰ প্ৰতিক্ষাৰ অন্ত পেলাই বুধবাৰে নগাঁও জিলাৰ বেবেজীয়া অঞ্চলত ১৬টা পথৰ আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।
সমষ্টিটোৰ ৯টা বুথ ক্ৰমে ডিমৌ বেবেজীয়া, খাটগুৰি বেবেজীয়া, জামুগুৰি, কুৰুৱাবাহী, লথাবৰি,শেতালী,কুজাবৰিৰ,ডিমৌ বাইপাচৰ পৰা নগাঁও চহৰলৈ প্ৰৱেশ পথ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিজ ডিমৌ উবুল বৰদলৈ গৃহ পথৰ লগতে মুঠ ১৬টা পথৰ আধাৰশিলা স্থাপন বিধায়কশশীকান্ত দাসৰ।
উক্ত পথসমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক শশীকান্ত দাসে কয় যে-মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰেই ফলশ্ৰুতিতত আজি এই পথসমূহৰ আধাৰশিলা স্থাপন কৰা হয়। বিধায়ক দাসে ৰহা সমষ্টিৰ উন্নয়নৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিব বুলি মন্তব্য কৰি কয় যে সমষ্টিৰ উন্নয়নেই একমাত্ৰ লক্ষ্য।
আধাৰশিলা স্থাপন অনুষ্ঠানত বিজেপিৰ জ্যেষ্ঠ নেতা সুৱৰ্ণ সিং,তিৱা স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিশ্বজ্যোতি পাটৰ, লোক নিৰ্মাণ বিভাগৰ এছ ডি অ আব্দুৰ ৰৌফ, শালমৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ববীতা মেধি,ৰাজীব বৰা, জগদীশনাথ, অনুপম দাস,বিদ্যুৎ বৰদলৈকে ধৰি বহু বিজেপি নেতা-কৰ্মী উপস্থিত থাকে।