/asomiyapratidin/media/media_files/2025/02/25/x5VslhSWnr5OpJJAKypz.jpg)
মঙলদৈৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুর্ঘটনা
ডিজিটেল সংবাদ, মঙলদৈ : সোমবাৰে নিশা মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শইকীয়াপাৰাত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে।
নিহত যুৱকজন বান্দিয়া গাঁৱৰ মইনুদ্দিন বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে অনলাইন খাদ্য সামগ্ৰী যোগান ধৰা সংস্থা জ’মাটোৰ বিতৰক হিচাপে কৰ্মৰত আছিল যুৱকজন।
জানিব পৰা মতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাক এখনত বাইকৰে খুন্দা মৰাৰ ফলত যুৱকজনে অকাল মৃত্যুক আঁকোৱালি লয় । আনহাতে স্থানীয় লোকৰ ভাষ্য অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱা এলেকাটোত কেইবাখনো ট্ৰাক দিনটো ৰখাই থোৱা হৈছিল।
তাৰোপৰি উক্ত পথছোৱা আন্ধাৰে আৱৰি ধৰাৰ বাবে ৰখাই থোৱা ট্ৰাকত যুৱকজনে খুন্দা মাৰি এনেদৰে অকাল মৃত্যুক সাৱতি ল’ব লগা হয় । ইতিমধ্যে এই অনাকাঙ্খিত ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলোৱাৰ লগতে সচেতন ৰাইজৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে।