পথ দুৰ্ঘটনাত মৃত্যু যুৱ চিকিৎসক ডাঃ শুভজিৎ বৰা...

পথ দুৰ্ঘটনাত মৃত্যু যুৱ চিকিৎসক ডাঃ শুভজিৎ বৰা...

author-image
Dimpul Borgohain
New Update
পথ দুৰ্ঘটনাত মৃত্যু যুৱ চিকিৎসক ডাঃ শুভজিৎ বৰা...

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁৱত শোকৰ ছাঁ ।মৰিগাঁৱৰ যুৱ চিকিৎসক শুভজিৎ বৰাৰ অকাল মৃত্যু।  দুৰ্ঘটনাত পতিত হৈ মৃত্যু ২৭ বছৰীয়া যুৱ চিকিৎসক গৰাকীৰ। শনিবাৰে বিয়লি চাবুকধৰা ৰাজ্যিক চিকিৎসালয়ত কৰ্ম সম্পাদন কৰি ঘৰলৈ ঘূৰি অহাৰ পথত মিকিৰভেটাৰ ওৱাবৰিত মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈছিল সৰবৰহী যুৱ চিকিৎসক গৰাকী।

Advertisment

গুৰুতৰভাবে আহত চিকিৎসক গৰাকী মৃত্যুৰ সৈতে যুঁজি আছিল দিছপুৰ চিকিৎসালয়ত আৰু ৰবিবাৰে সন্ধিয়া মৃত্যুক সাৱটি লয়।অতি মেধাসম্পন্ন যুৱক শুভজিৎ বৰাই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কিছুদিন পূৰ্বে চাবুকধৰা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক হিচাপে যোগদান কৰিছিল।

ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে পিতৃক হেৰুওৱা যুৱ চিকিৎসক গৰাকীয়ে মৃত্যুৰ সময়ত মাতৃ আৰু একমাত্ৰ ভগ্নীক এৰি থৈ গৈছে।

ডাঃ শুভজিৎ বৰা