/asomiyapratidin/media/media_files/2025/06/20/dangor-khobr-19-2025-06-20-18-12-22.webp)
ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ চাপানালাৰ সমীপবৰ্তী বালিজুৰিত সোমবাৰে বিয়লি প্ৰায় ৬ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত উক্ত দুৰ্ঘটনাটোত থিতাতে এগৰাকী মহিলাসহ দুজন যুৱকৰ মৃত্যু হয়।
দুৰ্ঘটনাটোত নিহত লোককেইজনক পাছত ক্ৰমে- ৰকিবুল হুছেইন, বিনোদ বাকৰি, মেনকা বাকৰি বুলি চিনাক্ত কৰা হয়। ইয়াৰে বিনোদ বাকৰি আৰু মেনকা বাকৰি সম্পৰ্কত পুত্ৰ আৰু মাতৃ। তেওঁলোক দুয়োৰে ঘৰ লুংচুঙত আৰু ৰকিবুল হুছেইনৰ ঘৰ বৰভেটিত।
ইপিনে, দুৰ্ঘটনাটোত আহত দুজন আৰু এগৰাকী মহিলাক অতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত হোৱা দুয়োখন মটৰ চাইকেলৰ নম্বৰ ক্ৰমে এ এছ ০১ কিউ ০১০৯ আৰু এ এছ ৩২ বি ৭৫৩০।
জানিব পৰা মতে তীব্ৰবেগত মটৰ চাইকেল চলোৱাৰ বাবেই এই শোকাবহ ঘটনাটো সংঘটিত হয়। ঘটনাটো ইমানে ভয়াবহ আছিল যে সংঘৰ্ষৰ পিছত মটৰ চাইকেলত থকা এগৰাকী মহিলা পথৰ কাষত থকা ই-ৰিক্সা এখনৰ ভিতৰত চিটিকি পৰে। বাকী আন কেইজন আহতও পথৰ ওপৰত চিটিকি পৰা বুলি জানিব পৰা গৈছে।